ওদালগুৰি, 12 জুন: ওদালগুৰি জিলাৰ মাজবাটৰ এটা কোৱাৰান্টাইন কেন্দ্ৰত অঘটন। শুকুৰবাৰে মাজবাট কলেজৰ কোৱাৰেন্টাইন কেন্দ্ৰৰ বিচনা-আচবাব আদিত অগ্নি সংযোগ কৰে কেন্দ্ৰটোত কোৱাৰেন্টাইন হৈ থকা একাংশ লোকে। ঘটনাৰ কাৰণ এই পৰ্যন্ত জানিবলৈ পৰা যোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ আনহাতে,এই ঘটনাৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে ওদালগুৰি জিলাত ৷ লগতে উদণ্ড যুৱকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷
উল্লেখ্য যে, উক্ত কোৱাৰেন্টাইন কেন্দ্ৰটোত ৭৬ জন লোকক ৰখা হৈছে ইয়াৰ ভিতৰ কেন্দ্ৰটোত থকা 22 জন লোকৰ দেহত কৰ'ণা ধৰা পৰাত তেওঁলোকক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷
লগতে পঢ়কঃ ৰিপুণ বৰা আৰু ৰাণা গোস্বামীৰ নেতৃত্বত বাঘজানত উপস্থিত কংগ্ৰেছৰ এটা সজাতি দল