ওদালগুৰি,৬ মাৰ্চ: বুধবাৰে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ওদালগুৰিত বিভিন্ন আচনিৰ আধাৰশিলা স্থাপন কৰে। মন্ত্ৰী জনে ওদালগুৰি চহৰৰ ৰাম জানকি মন্দিৰৰ পৰা মাইদাংগুৰিলৈ, হৰিশিঙাৰ কঠালগুৰি পৰা খোখাবস্তিলৈ, বতিয়ামাৰিৰ পৰা মেকেঞ্জি পথলৈ পথৰ আধাৰশিলা স্থাপন কৰে । ইয়াৰ লগতে পানেৰী চাহ বাগিছাত (মুঠ চাৰিটা) পথৰ আধাৰশিলা স্থাপন কৰে।
উল্লেখযোগ্য যে মন্ত্ৰী জনে সাপখাইটি আৰু কলাইগাওঁ, নলখামাৰা আৰু দৰঙিপাৰা,বতিয়ামাৰি আৰু মেকেন্জি সংযোগি মুঠ তিনি খননকৈ দলঙৰো আধাৰশিলা স্থাপন কৰে।
আধাৰ শিলা স্থাপন কৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীৰ বাবে ই-স্কুটি, অৰুন্ধুতি আচনিৰ দ্বাৰা (১ তোলা)সোণ প্ৰদান আৰু চাহ বাগিছা শ্ৰমিক সকলৰ কল্যানৰ বাবে গ্ৰহণ কৰা বিভিন্ন আচনিৰ বিষয়ে উল্লেখ কৰে মন্ত্ৰী ৰিহণ দৈমাৰীয়ে