ৰাজ্যৰ জনস্বাস্থ্য বিভাগৰ ৰুগ্ন স্বাস্থ্যৰ প্ৰকৃত ছবি ৷ কেৱল নামত থকা বিভাগটোৰ বাবেই এতিয়া এনেদৰে অস্বাস্থ্যকৰ পৰিৱেশত জীৱন অতিবাহিত কৰিছে ভুক্তভোগীয়ে ৷ ডিজিটেল ইণ্ডিয়াৰ দিনতো খোদ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীৰ সমষ্টিত একাংশ লোকে খাব লগা হৈছে ডোঙৰ পানী । এই সম্পৰ্কত চাওক আমাৰ এক প্ৰতিবেদন....
ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্বাস্থ্যকৰ পৰিৱেশ!! - PUBLIC HEALTH DEPARTMENT
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উত্তৰণৰ সময়তো অপৰিষ্কাৰ পানী খাব লগা হোৱা ঘটনাই উদঙাই দিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰকৃত স্বৰূপ
ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্বাস্থ্যকৰ পৰিৱেশ
ৰাজ্যৰ জনস্বাস্থ্য বিভাগৰ ৰুগ্ন স্বাস্থ্যৰ প্ৰকৃত ছবি ৷ কেৱল নামত থকা বিভাগটোৰ বাবেই এতিয়া এনেদৰে অস্বাস্থ্যকৰ পৰিৱেশত জীৱন অতিবাহিত কৰিছে ভুক্তভোগীয়ে ৷ ডিজিটেল ইণ্ডিয়াৰ দিনতো খোদ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীৰ সমষ্টিত একাংশ লোকে খাব লগা হৈছে ডোঙৰ পানী । এই সম্পৰ্কত চাওক আমাৰ এক প্ৰতিবেদন....
Intro:ডোঙৰ পানীকে খাব লগা হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীৰ সমষ্টিৰ ৰাইজে
Body:আচ্চে দিনৰ সপোন দেখাই শাসনলৈ অহা মোদী চৰকাৰে শেষ কৰিলে প্ৰথমটো কাৰ্যকাল। পৰিৱৰ্তনকামী ৰাজ্য চৰকাৰ খানেও পাৰ কৰিলে তিনিটা বছৰ। লগতে আছে মডেল বিটিচিৰ কথা কোৱা হাগ্ৰামাৰ ১৫ বছৰীয়া কাৰ্যকাল। কিন্তু ইমানৰ পিছতো পৰিৱৰ্তন নাহিল বিটিচিৰ বিভিন্ন অঞ্চলত। এই দৃশ্য ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰিয়ে প্ৰতিনিধিত্ব কৰা ওদালগুৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত ১ নং বৰঙাবাৰী গাঁওৰ।
ডিজিটেল ইণ্ডিয়াৰ দিনটো গাঁও খনৰ একাংশ লোকে খাব লগা হৈছে ডোঙৰ পানী।
সমষ্টিটোৰ পৰা মন্ত্ৰী দৈমাৰীয়ে দুবাৰকৈ জন স্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী হল যদিও পৰিৱৰ্তন নাহিল অঞ্চলটোলৈ ফলত আজিও ভুটানৰ পৰা অনা ডোঙৰ লেতেৰা পানীকে বছৰৰ পিছত বছৰ ধৰি সেৱন কৰি আহিছে এই সকল ৰাইজে।
এই অঞ্চলটোৰ পৰা ২-৩ কি মি দুৰত চৰকাৰী খোৱা যোগান আঁচনি আছে যদিও সম্ভৱ নহয় ইমান দূৰ গৈ পানী কঢ়িয়াই অনাটো। এয়াই নহয় স্থানীয় লোকে জনোৱা মতে পানীৰ বাবে আঁচনি খন চোৱা চিতা কৰিবলৈ গঠন কৰা সমিতিক দিব লাগে ৩০ টকাকৈ। ফলত এতিয়া এনেকৈয়ে ভুটানৰ পৰা ডোঙৰ পানী নমাই ব্যৱহাৰ কৰিব লগা হৈছে এই সকল লোকে ।
ভুটানৰ কাষৰীয়া অঞ্চল বাবে কোৱা বা দমকল বহু দুৰলৈ স্থাপন কৰিও পানী পাব সক্ষম নহয় অঞ্চলটোত
মন্ত্ৰী দৈমাৰীয়ে অঞ্চলটোত পানী যোগানৰ প্ৰতিশ্ৰুতি দিছিল যদিও প্ৰতিশ্ৰুতি পালন নকৰা অভিযোগ উঠিছে মন্ত্ৰী গৰাকীৰ বিৰুদ্ধে ।এতিয়া
খোদ জন স্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী গৰাকীৰ গৃহ সমষ্টিত বিভাগটোৰ এনে পুতৌ লগা এই ছবি খনে বিভাগটোৰ ব্যৰ্থতা পুনৰ বাৰ যেন প্ৰমাণিত কৰিলে ।
Conclusion: