ওদালগুৰি, 27 মে': ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷ যাৰ বাবে অধিক তৎপৰ হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ ৷ কিন্তু ইয়াৰ মাজতে ওদালগুৰিত কোভিড-19 ত আক্ৰান্তৰ হাহাকাৰ অৱস্থা ৷ জিলাখনৰ স্বাস্থ্য কৰ্মীয়ে বৰষুণত তিয়াই তিয়াই খোজ কঢ়াই নিলে এজন কোভিড-19 ত আক্ৰান্তক ৷ ঘটনাক লৈ এতিয়া সমগ্ৰ জিলা খনতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ উল্লেখে যে, ওদালগুৰি সাপেখাইটিস্থিত পূৰ্ৱৰ এনডিএফবিৰ ডেজিগনেটেড শিৱিৰ কোৱাৰেণ্টাইন কেন্দ্ৰত থকাৰ সময়তে মঙলবাৰে মোহন ছেত্ৰী নামৰ এজন যুৱকৰ দেহত ধৰা পৰে কোভিড -19 ৰ অৱস্থিতি ৷ লগে লগে দুজন চিকিৎসা কৰ্মীয়ে চিকিৎসাৰ বাবে 108 এম্বুলেঞ্চেৰে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ লৈ যায় যুৱকজনক ৷ কিন্তু এম্বুলেঞ্চখন চিকিৎসালয়খনত উপস্থিত হোৱাৰ পিছতো লাগে অথন্তৰ ৷ চিকিৎসালয় খনৰ পৰা ওলাই নাহিল কোনো এজন স্বাস্থ্য কৰ্মী ৷ জৰুৰীকালীন ৱাৰ্ডৰ সন্মুখত এম্বুলেঞ্চখন বহু সময় ধৰি ৰখাই থকাৰ পিছতো জৰুৰীকালীন ৱাৰ্ডৰ পৰাও জনোৱা নহল কোনো ধৰণৰ সহাৰি ৷
অৱশেষত উপায়ন্তৰ হৈ এম্বুলেঞ্চখনৰ কৰ্মী দুজনে বৰষুণত তিয়াই তিয়াই খোজকঢ়াই চিকিৎসালয়লৈ লৈ যায় যুৱক জনক ৷ এই দৃশ্যই এতিয়া আতংকৰ সৃষ্টি কৰিছে সচেতন লোকৰ মাজত ৷ মহামাৰী কোভিড-19 ত আক্ৰান্ত এজন ৰোগীক এনেদেৰে আলৈ আথানি কৰা ঘটনাই সচেতম মহলৰ মাজত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ এতিয়া প্ৰশ্ন হৈছে এই ঘটনাৰ বাবে দায়ী কোন? এনেকৈ নিয়ন্ত্ৰণলৈ আহিবনে ৰাজ্যত কোভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷
লগতে পঢ়কঃ কামৰূপত এহাজাৰ লোকৰ বাবে কোৱাৰেন্টাইনৰ ব্যৱস্থা এগৰাকী ব্যৱসায়ীৰ