ETV Bharat / state

Hagrama Mohilary: বিটিচিৰ চৰকাৰী কাৰ্যালয়ত শ্মশানৰ দৰে পৰিৱেশ; নোযোৱা হৈছে ৰাইজ; হাগ্ৰামা মহিলাৰী

author img

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 8:32 PM IST

দেওবাৰে খৈৰাবাৰীত বিপিএফ দলৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় ৷ প্ৰায় 17 শ লোকে বিপিএফত যোগদান কৰে ৷ ‘‘বিটিচি চৰকাৰ চলে আবছু অফিচৰ পৰা,’’ এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ ৷

Hagrama Mohilary
বিটিচিৰ চৰকাৰী কাৰ্যালয়ত শ্মশানৰ দৰে পৰিৱেশ

ওদালগুৰি,1 অক্টোবৰ: দেওবাৰে খৈৰাবাৰীত BPF দলৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় ৷ BPF প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত যোগদান কাৰ্যসূচী ৰূপায়ণ কৰে ৷ খৈৰাবাৰী মহিৰংগ ভৱনৰ প্ৰাংগনত এই যোগদান কাৰ্যসূচী সম্পন্ন হয় ৷ প্ৰায় 17 শ লোকে বিপিএফত যোগদান কৰে ৷

বিজেপি, ইউ পি পি এল, কংগ্ৰেছ আদি বিভিন্ন দলৰ কাৰ্যকৰ্তাই বিপিএফত দলত যোগদান কৰে ৷ এই কথা জানিবলৈ দিছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ আনহাতে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত হাগ্ৰামা মহিলাৰে বৰ্তমানৰ বিটিচি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

‘‘বৰ্তমানৰ বিটিচি চৰকাৰৰ দিনত একো উন্নয়ন হোৱা নাই ৷ প্ৰমোদ বড়োৱে প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই ৷ ৰাইজে আজি কালি বিটিচি সচিবৰ কাৰ্যালয়লৈ নাযায় ৷ কাৰণ কোনো EMক লগ নাপায় ৷ কোনো EMয়ে কাৰ্যালয়লৈ নাযায় ৷ সেয়ে বিটিচিৰ মানুহে যাবলৈ এৰি দিছে ৷ ফলত ভূত বাংলালৈ পৰিণত হৈছে কাৰ্যালয় ৷ শ্মশানৰ দৰে পৰিৱেশ এতিয়া,’’ এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ ৷

তেওঁ UPPL চৰকাৰক সমালোচনা কৰি কয়, ‘‘বিটিচি চৰকাৰ চলে এবছু অফিচৰ পৰা ৷ বিটিচিৰ কাৰ্যালয়ত ৰাইজৰ কাম নহয় ৷ চাকৰিয়াল সকলহে থাকে ৷ বিজেপি আৰু UPPLৰ চৰকাৰ ব্যৰ্থতাৰ বাবে আজি BPF দলত যোগদান কৰিছে ৰাইজে ৷’’

আনহাতে BPF দলত আজি যোগদান কৰা সকলো লোককে ফুলাম গামোছাৰে আদৰণি জনায় ৷ ভেৰগাঁও জিলা BPFৰ সভাপতি তথা প্ৰাক্তন EM লৌমশ্ৰাউ দৈমাৰীয়ে আঁত ধৰা বিপিএফ দলৰ যোগদানসূচীত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, বিপিএফৰ অন্যতম সম্পাদক আকতাৰা বেগম, যুৱ বিপিএফৰ সম্পাদক শৰৎ দাস, কোচ ৰাজবংশী কোষৰ সভাপতি দীপাংকৰ ৰাজবংশী ৷

লগতে পঢ়ক:Joining Programme of BPF : বিটিচিৰ অফিছটো সংগঠন চলোৱাৰ দৰে চলাই আছে; হাগ্ৰামা মহিলাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.