ওদালগুৰি, 4 মেঃ অৰুণাচলত পুনৰ গাঞ্জাসহ আটক অসমৰ যুৱক ৷ অৰুণাচলৰ চামফুং বৰ্ডাৰ আউট পোষ্টৰ এছ এছ বিৰ ৬১নং বেটেলিয়েন আৰু খালাকটাং আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই খালাকটাঙৰ পৰা গাঞ্জাসহ এজন অসমৰ যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷
বৃহস্পতিবাৰে এক বিশেষ সুত্ৰৰ পম খেদি এছ এছ বিৰ কামাণ্ডেণ্ট প্ৰমোদ কুমাৰ আগৰৱালৰ পৰ্যবেক্ষণত চলা অভিযানটোত এটা ঘৰৰ পৰা ১৪০ কেজি গাঞ্জাসহ আটক কৰা হয় অসমৰ যুৱকজনক ৷ আটকাধীন যুৱকজন ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডৰ সোণাৰী গাঁৱৰ দেৱ কুমাৰ কাশ্যপ। আটকাধীন যুৱকজনে অৰুণাচলৰ খালাকতাঙত অস্থায়ীভাৱে ঘৰ সাজি দৈনিক হাজিৰা কাম কৰি আছিল বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত এছ এছ বিয়ে আটক কৰা যুৱকজনক খালাকতাং আৰক্ষী চকীত চমজাই দিয়ে ৷
উল্লেখ যে, চলিত বৰ্ষৰ এপ্ৰিল মাহটো অৰুণাচলত গাঞ্জাসহ অসমৰ দুজন যুৱকক আটক কৰিছিল এছ এছ বিৰ ৬১ নং বেটেলিয়েনে ৷