ETV Bharat / state

দৰঙত শিক্ষয়িত্ৰী হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ - দল-সংগঠন

ওদালগুৰিৰ কলাইগাঁৱত শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়াক অচিনাক্ত দুৰ্বৃত্তই নিৰ্মমভাৱে কৰা হত্যাৰ বিৰুদ্ধে সৰৱ হৈ পৰে দল-সংগঠন তথা স্থানীয় ৰাইজ ৷ এই পৰ্যন্ত হত্যাকাণ্ডৰ সৈতে জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

দৰঙত শিক্ষয়িত্ৰী হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ

author img

By

Published : Jul 8, 2020, 3:27 PM IST

দৰং, 8 জুলাই : ওদালগুৰি জিলাৰ কলাইগাঁৱত শিক্ষয়িত্ৰী হত্যাকাণ্ডক লৈ বুধবাৰে পথ অৱৰোধ কৰে দল-সংগঠন আৰু স্থানীয় ৰাইজে । মংগলদৈ ভূটিয়াচাং পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজৰ লগতে আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি কেইবাটাও দল-সংগঠনে ।

উল্লেখ্য যে, ওদালগুৰিৰ কলাইগাঁৱত শিক্ষয়িত্ৰী নয়নতৰা চহৰীয়াক কোনো অচিনাক্ত দুৰ্বৃত্তই এচিড ঢালি নিৰ্মমভাৱে হত্যা কৰিছিল । কিন্তু মৃতদেহ উদ্ধাৰ কৰাৰ পিছতো আৰক্ষীয়ে এই পৰ্যন্ত হত্যাকাণ্ডৰ সৈতে জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ বাবে সৰৱ হৈ পৰে দল-সংগঠনসহ স্থানীয় ৰাইজ ৷

দৰঙত শিক্ষয়িত্ৰী হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ

প্ৰতিবাদকাৰীয়ে অতিশীঘ্ৰেই হত্যাকাৰীক কৰায়ত্ত কৰি উচিত তদন্তৰ দাবী জনায়, অন্যথা অনাগত দিনত পৰিস্থিতি অধিক ভয়ংকৰ হ'ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক : গোগামুখত প্ৰতিবাদকাৰীৰে বাক বিতণ্ডাত লিপ্ত আৰক্ষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.