ওদালগুৰি, 9 ফেব্ৰুৱাৰীঃ বীৰ চিলাৰায় দিৱসৰ দিনটোতে জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰে আজি আক্ৰাছুই উত্তাল কৰিলে ওদালগুৰি চহৰ ৷ আক্ৰাছুৰ অতুল বৰ্মন গোটৰ উদ্যোগত ওদালগুৰিত, আজি কেন্দ্ৰীয়ভাৱে আয়োজন কৰা চিলাৰায় দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি উলিওৱা হয় বিশাল শোভাযাত্ৰা ৷ এই শোভাযাত্ৰাৰ জৰিয়তে সংগঠনটোৱে কোচ ৰাজবংশী সকলক জনজাতি মৰ্যদা দিয়াৰ লগতে পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবী জনায় ৷ শোভাযাত্ৰাত প্ৰায় দহ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে ওদালগুৰি চহৰ ৷
লগতে পঢ়কঃ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজ্যজুৰি পালন কৰা হ'ল মহাবীৰ চিলাৰায় দিৱস