ৰৌতা,22 ছেপ্টেম্বৰ: কিছুদিন পূৰ্বে BTC প্ৰশাসনে ৰৌতা অঞ্চলৰ 42 টা সংখ্যালঘু পৰিয়ালক উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল ৷ জাননী লাভ কৰা সেই পৰিয়াল কেইটাক এবছুৰ কৰ্মীয়ে মাটি খালি কৰি দিবলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এবছুৰ (ABSU) দৰে জাতীয় সংগঠনৰ এনে কাৰ্যত দুখ প্ৰকাশ কৰিছে এবিএমছুৰ (ABMSU) সভাপতি টাইচন হুছেইনে ৷ শুকুৰবাৰে পৰিয়াল কেইটাৰ কাষত উপস্থিত হয় ABMSUৰ সভাপতিগৰাকী ৷
সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ(ABSU) সভাপতি আৰু সাধাৰণ সম্পাদকক বিষয়টোৰ ওপৰত নজৰ দিবলৈ আহ্বান জনাই টাইচন হুছেইনে । লগতে প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি (BTC) চৰকাৰৰ বিৰুদ্ধেও সৰৱ হয় ABMSUৰ সভাপতিগৰাকী ।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ গয়না লৈ বিটিচিৰ হাজাৰ-হাজাৰ সংখ্যালঘু লোকক খেদিবলৈ বিটিচি চৰকাৰে ষড়যন্ত্ৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে নেতাগৰাকীয়ে ৷ 2003 চনৰ বিটিচি চুক্তি ভৰিৰে মোহাৰি এক পক্ষীয়ভাৱে উচ্ছেদৰ জাননী দিয়াৰ অভিযোগ উত্থাপন কৰি বিটিচি চৰকাৰৰ এই ষড়যন্ত্ৰ কেতিয়াও সফল হ’বলৈ দিয়া নহ’ব বুলিও হুংকাৰ দিয়ে টাইচন হুছেইনে ৷
BTR চৰকাৰক আক্ৰমণ কৰি তেওঁ কয় যে নিজৰ ইচ্ছানুযায়ী যিকোনো কাম কৰিবলৈ BTC অঞ্চল প্ৰমোদ বড়ো অথবা হাগ্ৰামা মহিলাৰীৰ পৈতৃক সম্পত্তি নহয় ৷ বিটিচি চুক্তিয়ে দিয়া ভূমিৰ অধিকাৰ সৰ্বস্তৰৰ ৰাইজে লাভ কৰিব লাগিব অন্যথা জংগী আন্দোলন গঢ়ি তোলা হ’ব ।
জাননী লাভ কৰা এটা পৰিয়ালৰ ঘৰতো যদি প্ৰশাসনে বুলড’জাৰ চলাই তেন্তে পৰৱৰ্তী নিৰ্বাচনত সেই ৰাজনৈতিক দলৰ ওপৰতে বুলড’জাৰ চলোৱা হ’ব বুলি সকীয়নি বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ ৷
লগতে পঢ়ক: Ex-NDFB: পৃথ্বীৰাজ দেৱ নাৰায়ণ মেচক সংযমী হ’বলৈ সকীয়নি প্ৰাক্তন NDFBৰ