ওদালগুৰি, ১৪ জুলাই:- শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ওদালগুৰিৰ বিষ্ণুৰাভা কৃষ্টি সংঘত অনুষ্ঠিত আসাম প্ৰেছ কৰছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকুৰ মধ্যকালীন অধিবেশনৰ দেওবাৰে সামৰণি পৰে ৷ সামৰণি অনুষ্ঠানৰ মুকলি সভাত সভাপতিত্বত কৰে আপকুৰ সভাপতি মনোজ সিঙে । মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী ৷ সংবাদকৰ্মীসকলক সমাজৰ মূল দিক-দৰ্শক বুলি অভিহিত কৰি সাংবাদিকসকলৰ ধৰ্ম সমাজৰ সেৱা কৰা বুলি মন্তব্য কৰে গোস্বামীয়ে ৷ লগতে সাংবাদিকসকলক শিশুসকলৰ মনস্তাত্ত্বিক দিশ স্পৰ্শ কৰা দিশত সচেতন হোৱাৰ বাবে আহ্বান জনায় ৷ চৰকাৰে সাংবাদিকসকলৰ বাবে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ সুফল লাভ কৰাৰ বাবে আহ্বান জনায় ৷ বিটিচি পৰিষদৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে মুকলি সভা উদ্বোধন কৰি দিয়া ভাষণত সাংবাদিকসকলক সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত ধনাত্মক পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আহ্বান জনায় ৷
আনহাতে, আদৰণি সমিতিৰ সভাপতি মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ৰাজ্যৰ বান পৰিস্থিতিৰ বাবে সভাত উপস্থিত থাকিব নোৱাৰাত মন্ত্ৰী জনৰ লিখিত আদৰণি ভাষণ পাঠ কৰে আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি তথা জেষ্ঠ সাংবাদিক গৌতমজ্যোতি তালুকদাৰে । সভাত গোলাঘাটৰ জিলাৰ সাংবাদিক প্ৰিয়নদীপ কাকতিক ছহিদ সাংবাদিক প্ৰহ্লাদ গোৱালা 'সাহসিকতা সাংবাদিক বঁটা' প্ৰদান কৰে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে ৷