তিনিচুকীয়া, 25 এপ্ৰিল: তিনিদিনৰ অন্তত সন্ধান ওলাল আলফা শিবিৰৰ পৰা পলয়ন কৰা তিনিচুকীয়া জিলাৰ তৰাণি গাঁৱৰ পলাশ মৰাণৰ (ULFA cadre Palash Moran body recovered)৷ বহু জল্পনা-কল্পনাৰ অন্তত মঙলবাৰে ভাৰত-ম্যানমাৰ সীমান্তৰ আপাৰ চিংহাং নামৰ ঠাইত গাঁতত পুতি থোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰা হৈছে আলফা কেডাৰগৰাকীৰ মৃতদেহ (Missing ULFA I cadre found dead)৷ ইয়াৰ পিচতে তিনিচুকীয়া আৰক্ষী, পলাশৰ ভাতৃ, স্থানীয় গাঁও প্ৰধান উপস্থিত হৈ পলাশৰ মৃতদেহটো উদ্ধাৰ কৰি স্ব-গৃহলৈ লৈ আহে ৷ 2021 চলত আলফা স্বাধীনত যোগদান কৰিছিল পলাশে ৷
উল্লেখ্য যে, শেহতীয়াকৈ আলফা স্বাধীনৰ শিবিৰৰ পৰা পলায়ন কৰিছিল 4 গৰাকী কেডাৰে ৷ পলায়ন কৰা কেডাৰকেইগৰাকী ক্ৰমে মিন্টু মৰাণ ওৰফে মদন অসম, পলাশ মৰাণ, মহন্ত বৰুৱা ওৰফে অৰিন্দম অসম আৰু হিমাংশু ভূঞা ওৰফে ৰঞ্জু অসম ৷ ইয়াৰ তিনিজন কেডাৰে ইতিমধ্যেই আত্মসমৰ্পণ কৰা বুলি জানিবলৈ পৰা গৈছিল ৷ কিন্তু যোৱা 22 এপ্ৰিলৰ পৰা এই দলটোৰেই এইগৰাকী কেডাৰ পলাশ মৰাণৰ বৰ্তমানলৈ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল (ULFA I Cadre Surrenders in Tinsukia) ৷
পৰৱৰ্তী সময়ত আত্মসমৰ্পন কৰা মন্টু মৰাণে পলাশ মৰাণৰ ভাতৃক জনোৱা অনুসৰি, একেলগে চাৰিজন কেডাৰ আলফা (স্বাঃ)ৰ শিবিৰৰ পৰা পলায়ন কৰি অহাৰ পাচতেই আদবাটৰ পৰাই সন্ধানহীন হৈছিল পলাশ মৰাণ ৷ পলাশ মৰাণৰ সন্ধানহীন হোৱাৰ খবৰৰ প্ৰচাৰ হোৱাৰ পিচতে চিন্তিত হৈ পৰিছিল পৰিয়ালৰ লোক ৷ তিনি কেডাৰ সোঁ-শৰীৰে ঘূৰি অহা দেখি পত্নী আৰু কণমানি সন্তানে পলাশো ঘূৰি আহিব বুলি অধীৰ আগ্ৰহেৰে বাট চাইছিল ৷
ইফালে আলফা (স্বাঃ)ৰ শিবিৰৰ পৰা চাৰিজন কেডাৰ পলায়ন কৰাৰ কথা নিশ্চিত কৰিছিল সশস্ত্ৰ সংগঠনটোৰ এটা সূত্ৰই ( Missing after fleeing the Ulfa camp) ৷
লগতে পঢ়ক: Home Ministry suspends NIA officer : দুৰ্নীতিৰ অভিযোগত নিলম্বন NIA বিষয়াক !
স্মৰ্তব্য যে, পলাশৰ মৃত্যুত পৰিয়ালটো কান্দোনত ভাগি পৰিছে ৷ পলাশৰ মৃত্যুক সহজে মানি ল’ব পৰা নাই পৰিয়ালৰ লোক তথা ওচৰ চুবুৰীয়াই ৷ পুতি থোৱা অৱস্থাত পলাশৰ মৃতদেহ এনেদৰে উদ্ধাৰ হোৱা ঘটনাটোক অন্য এক ৰূপ দিয়াৰহে ইংগিত বহন কৰিছে ৷