ডিব্ৰুগড়, 2 অক্টোবৰঃ ডিব্ৰুগড় আৰক্ষীৰ জালত আলফা স্বাধীনৰ স্বয়ম্ভু ব্ৰিগেডিয়াৰ দৃষ্টি ৰাজখোৱা ওৰফে এলেক্স অসমৰ ব্যক্তিগত সুৰক্ষা বিষয়াৰ দায়িত্বত থকা কৰ্পৰেল দেৱলজ্যোতি দত্ত ওৰফে দিয়ৰ অসম । আৰক্ষীৰ শীৰ্ষ সূত্ৰ মতে যোৰহাটৰ ন'বৰাৰ নিবাসী আলফা স্বাধীনৰ কৰ্পৰেল দেৱলজ্যোতিয়ে জয়পুৰৰ অসম আৰক্ষী আৰু সেনাৰ যুটীয়া দলৰ সন্মুখত জয়পুৰৰ সেনা চাউনিত আত্মসমৰ্পণ কৰে । চীনত নিৰ্মিত এটা পিষ্টল আৰু চাৰি জাই সজীৱ গুলী সহ আত্মসমৰ্পণ কৰা আলফা স্বাধীনৰ বিষয়ববীয়া গৰাকীয়ে প্ৰাৰম্ভিক জেৰাত দৃষ্টি ৰাজখোৱাৰসুৰক্ষা বিষয়াৰ দায়িত্বত আছিল বুলি প্ৰকাশ কৰে । 2017বৰ্ষৰ মাৰ্চ মাহত আলফা স্বাধীনত যোগদান কৰা দেৱলজ্যোতিয়ে মেঘালয় আৰু বাংলাদেশৰ এখন হাবিত 3 মাহৰ প্ৰশিক্ষণ লোৱা বুলি মন্তব্য কৰে ।

উল্লেখ্য যে, আত্মসমৰ্পনকাৰী কৰ্পৰেল দেৱলজ্যোতি দত্ত 2018 বৰ্ষৰ নবেম্বৰত যোৰহাট আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ চলিত বৰ্ষৰ জুলাইত জামিনত মুক্তি লাভ কৰি পুনৰ আলফাৰ হৈ বাংলাদেশৰ সীমাৰ মেঘালয়ৰ জিলা আৰু অসমৰ গোৱালপাৰা, ধুবুৰী আৰু নলবাৰী জিলাত কুতাঘাটমূলক কাম কৰাৰ দ্বায়িত্বত আছিল ।
আলফা স্বাধীনৰ হৈ মেঘালয়ত গাৰো নেচনেল লিবাৰেইচন আৰ্মি(GNLA) সৈতে কাম কৰি ধন দাবীত জড়িত আছিল । যি ধন 60% GNLA আৰু 40 শতাংশ ধন আলফা স্বাধীনৰ নামত ভাগ কৰা হৈছিল বুলি প্ৰকাশ কৰিছে কেডাৰ জনে । অবশ্যে কৰ্পৰেল দেৱল জ্যোতি দত্তৰ সম্পৰ্কত ডিব্ৰুগড় আৰক্ষীয়ে আনুষ্ঠানিক ভাৱে কোনো তথ্য বৰ্তমান লৈকে প্ৰকাশ কৰা নাই ।