ডুমডুমা, 18 মে': কৰ'না মহামাৰীৰ বাবে দেশজুৰি লক ডাউন বাহাল থকাৰ সময়তে তিনিচুকীয়া জিলাৰ ফিল'বাৰীত অব্যাহত আছে চোৰাং কাঠৰ ব্যৱসায় ৷ দেওবাৰে নিশা ফিল'বাৰীৰ সেনা শিবিৰৰ সন্মুখেদি পাৰ হোৱা অৱস্থাতে সেনাই জব্দ কৰে জব্দ দুখনকৈ চোৰাং কাঠ কঢ়িয়াই নিয়া ট্ৰাক ৷ ফিল'বাৰীৰ সেনা শিবিৰৰ সন্মুখেদি ডুমডুমা দিশে গৈ থকা অৱস্থাতে সেনাই জব্দ কৰে AS 23 CC 1873 আৰু AS 23 CC 1882 নম্বৰৰ ট্ৰাক দুখন ৷ প্ৰায় ৫ লক্ষ্যাধিক টকাৰ কাঠখিনি অৰুণাচলৰ পৰা চোৰাংভাৱে কঢ়িয়াই অনাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷
উল্লেখ্য যে, বৰ্তমানলৈ এই ঘটনা সন্দৰ্ভত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷ ইতিমধ্যে ডুমডুমাৰ পৰা বনবিভাগৰ লোক ফিল'বাৰীত উপস্থিত হৈ ট্ৰাক কেইখন নিজৰ জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়কঃ