ETV Bharat / state

Tinsukia lottery scam: তিনিচুকীয়াত দুই বিজেপিৰ বিষয়ববীয়াক দলৰ পৰা অব্যাহতি

author img

By

Published : Jul 27, 2023, 9:59 AM IST

তিনিচুকীয়াত বিজেপিৰ দুজনকৈ বিষয়ববীয়াক দলৰ পৰা অব্যাহতি ৷ লাইপুলি চাংমাই গাঁৱৰ বিজেপিৰ ইটাখুলি ব্লক মণ্ডলৰ উপ-সভাপতি শৰৎ চাংমাই আৰু চৰকাৰী চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ ফোন ৰেকৰ্ডিং বিয়পি পৰা ইটাখুলি ব্লক মণ্ডল বিজেপিৰ সম্পাদিকা নিতুমণি গগৈক দলীয় পদবীৰ পৰা অব্যাহতি দিয়া হয় ৷

Two BJP leaders expelled from party in Tinsukia
দলীয় পদবীৰ পৰা অব্যাহতি দুই বিজেপিৰ বিষয়ববীয়াক
বিজেপিৰ দুজনকৈ বিষয়ববীয়াক অব্যাহতি

তিনিচুকীয়া, 26 জুলাই : তিনিচুকীয়াৰ 2 নং কদমনিৰ বিতৰ্কিত উপহাৰ কুপন খেলৰ সৈতে নাম সাঙোৰ খোৱা বিজেপিৰ দুই সদস্যক দলৰ পৰা অব্যাহতি ৷ লাইপুলি চাংমাই গাঁৱৰ বিজেপিৰ ইটাখুলি ব্লক মণ্ডলৰ উপ-সভাপতি শৰৎ চাংমাই আৰু চৰকাৰী চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ ফোন ৰেকৰ্ডিং বিয়পি পৰা ইটাখুলি ব্লক মণ্ডল বিজেপিৰ সম্পাদিকা নিতুমণি গগৈক দলৰ পৰা অব্যাহতি দিয়া হৈছে ৷ বিজেপি ইটাখুলি ব্লক মণ্ডলৰ সভাপতিৰ নিৰ্দেশমৰ্মে সাধাৰণ সম্পাদকদ্বয় উদয় বড়া আৰু অশোক তাঁতিৰ স্বাক্ষৰ সম্বলিত এখন পত্ৰত দলীয় পদবীৰ পৰা অব্যাহতি দিয়া হয় ৷

অভিযোগ অনুসৰি শৰৎ চাংমাই বিতৰ্কিত উপহাৰ কুপনৰ খেলত প্ৰশাসনৰ নিষেধাজ্ঞা থকাৰ পাছতো বিচাৰকৰ দায়িত্বত স্বাক্ষৰ কৰি উদযাপন কমিটিক সহায় কৰিছিল ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে লাইপুলিৰ উপহাৰ কুপনৰ আয়োজক সমিতিৰ আটাইকেইজনক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল যদিও পলাতক অৱস্থাত আছিল বিজেপি নেতা শৰৎ চাংমাই ৷

আনহাতে, নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছিল বিজেপি নেত্ৰী নিতুমণি গগৈৰ বিৰুদ্ধে ৷ এটা ফোন ৰেকৰ্ডিং আৰু এটা ভিডিঅ ৰেকৰ্ডিংৰ কথোপকথন সামাজিক মাধ্যমিত বিয়পি পৰাৰ পাচতে চৰ্চিত হৈ পৰিছিল গগৈৰ কৰ্মকাণ্ডৰ বিষয়ে ৷ কেৱল চৰকাৰী চকৰিয়েই নহয়; চৰকাৰী বিভিন্ন আঁচনি দিয়াৰ নামটো ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে নেত্ৰীগৰাকীৰ বিৰুদ্ধে ৷ কৃষি বিভাগৰ টেক্টৰ দিয়াৰ নামটো বিজেপি নেত্ৰীগৰাকীয়ে বিভিন্নজনৰ পৰা গুগল পে’ৰ জৰিয়তে ধন সংগ্ৰহ কৰাৰ ফটো সামাজিক মাধ্যমত বিয়পি পৰিছে ৷

আনহাতে, সমগ্ৰ ঘটনা সন্দৰ্ভত তিনিচুকীয়া জিলা বিজেপিৰ সাধাৰণ সম্পাদক পুলক চেতিয়াই জানিবলৈ দিয়া অনুসৰি জিলা সভাপতি কুশকান্ত বৰাৰ নিৰ্দেশমৰ্মে এই সিদ্ধান্ত লোৱা হয় ৷ প্ৰতাৰণা কৰাৰ তথ্য লাভ কৰাৰ পাছতেই জৰুৰীভাৱে কাৰ্যকৰী হোৱাকৈ দলীয় পদৰ পৰা অব্যাহতি দিয়া হয় আৰু এতিয়া দুয়ো গৰাকী নেতা দলৰ কোনো দায়িত্বত নাই বুলি জানিবিলৈ দিয়ে তিনিচুকীয়া জিলা বিজেপিৰ সাধাৰণ সম্পাদক পুলক চেতিয়াই ৷

লগতে পঢ়ক : Tense Situation in Khatkhati: গ্ৰাহকৰ ধন আত্মসাতক লৈ খটখটিত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.