ETV Bharat / state

তিনিচুকীয়াত ক'ভিড প্ৰট'কল ভংগ কৰি লাঠিৰ কোব খালে একাংশই

author img

By

Published : May 14, 2021, 7:47 AM IST

Updated : May 14, 2021, 8:16 AM IST

ক'ভিড-19 অতিমাৰীসৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত নতুনকৈ কিছু নীতি নিৰ্দেশনা জাৰি কৰাৰ পাচতে পূৰ্বতকৈ কঠোৰ হোৱা দেখা গ'ল তিনিচুকীয়া জিলা প্ৰশাসনক ৷ নতুন নিয়ম উলংঘা কৰি ৰাজপথত ঘুৰি ফুৰা একাংশ লোকৰ ওপৰত লাঠীচালনা কৰিলে তিনিচুকীয়া আৰক্ষীয়ে ৷

তিনিচুকীয়া ক'ভিড প্ৰট'কল ভংগ কৰি লাঠীৰ কোব খালে একাংশই

তিনিচুকীয়া,14 মে': ৰাজ্যত কৰ'ণা প্ৰতিৰোধৰ বাবে কঠোৰ হৈ পৰিছে প্ৰতিখন জিলাৰ জিলা প্ৰশাসন ৷ বুধবাৰে ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী প্ৰধানে সংবাদমেল যোগে কৰ'ণা অতিমাৰীসৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত নতুন নীতি কাৰ্যকৰী কৰাৰ কথা প্ৰকাশ কৰাৰ পাচতে বৃহস্পতিবাৰৰ পৰা ৰাজ্যত বলবৎ হৈছে নতুন কঠোৰ নীতি ৷ ৰাইজক সজাগ কৰাৰ বাবে বিভিন্ন সময়ত ভিন্ন ব্যৱস্থা গ্ৰহণ কৰা তিনিচুকীয়া আৰক্ষীক এইবাৰ পূৰ্বতকৈ অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে ৷

প্ৰশাসনে ৰাইজক সজাগ হ'বলৈ বাৰম্বাৰ অনুৰোধ কৰাৰ পাচতো একাংশ ৰাইজে কোনো গুৰুত্ব নিদিয়াৰ ফলতে তিনিচুকীয়াত আৰক্ষী প্ৰশাসন কঠোৰ হৈ পৰিছে ৷ বৃহস্পতিবাৰেও ৰাজ্যখনত নতুন নিয়ম উলংঘা কৰি ৰাজপথত ঘুৰি ফুৰা একাংশ লোকৰ ওপৰত লাঠীচালনা কৰি তিনিচুকীয়া আৰক্ষীয়ে শাস্তি বিহা পৰিলক্ষিত হ'ল ৷

লগতে পঢ়ক: স্থবিৰ নহয় মাজুলীৰ উন্নতি: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

Last Updated : May 14, 2021, 8:16 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.