ডুমডুমা,22জানুৱাৰীঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ফিল'বাৰী ৰুমাই গাভৰুত সোমবাৰে সংঘটিত হৈছে এক জঘন্য ঘটনা । ৯ বছৰীয়া এটা শিশুক ঘৰত কোনো নথকাৰ সুযোগ লৈ একেখন গাঁৱৰে ৰাম বৰত কৈৰীৰ পুত্ৰ ৰোহিত কৈৰীয়ে নিজ ঘৰতেই উপৰ্যুপৰি ধৰ্ষণ কৰে। ধৰ্ষণকাৰী ৰোহিত কৈৰীয়ে ইতিমধ্যে জঘন্য ঘটনা সংঘটিত কৰাৰ কথা নিজ মুখে স্বীকাৰ কৰিছে ৷ জানিব পৰা মতে, ৯ বছৰীয়া শিশুটিৰ পৰিয়ালক ধৰ্ষণকাৰী ৰোহিত কৈৰীৰ পৰিয়ালে ভাবুকি প্ৰদান কৰি কথাটো গাপ দিয়াৰ চেষ্টা কৰিছিল ৷ কিন্তু পাছত গাঁৱৰে দুজনমান যুৱকৰ প্ৰচেষ্টাত পোহৰলৈ আহে সম্পূৰ্ণ ঘটনা ৷ ইতিমধ্যে শিশুটিৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত কাকপথাৰ আৰক্ষীয়ে ধৰ্ষণকাৰী ৰোহিত কৈৰীক গ্ৰেপ্তাৰ কৰিছে ।
লগতে পঢ়কঃদলগাঁৱত উদ্ধাৰ উত্তৰ প্ৰদেশৰ চুৰি গাড়ী