তিনিচুকীয়া, 3 ছেপ্তেম্বৰ: সোমবাৰে নিশা তিনিচুকীয়াত পুনৰ জব্দ হ'ল চোৰাং কাঠ ভৰ্তি ট্ৰাক ৷ শেহতীয়াকৈ জিলাখনত ধাৰাবাহিকভাৱে ইখনৰ পাছত সিখন চোৰাং কাঠভৰ্তি ট্ৰাক আৰক্ষী আৰু বন বিভাগে জব্দ কৰাৰ ঘটনাই পোহৰলৈ আনিছে উজনি অসমত চলি থকা চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়ৰ ভয়ংকৰ তথ্য ৷ অৰুণাচলৰ পৰা অনা অবৈধ চোৰাং কাঠ সমূহ তিনিচুকীয়া চহৰৰ মাজেদি ৰাজ্যখনৰ বিভিন্ন স্থানলৈ চোৰাং ভাৱে সৰবৰাহ কৰি থকাৰ সময়তে সোমবাৰে নিশা তিনিচুকীয়াত পুনৰ এখন চোৰাং কাঠ ভৰ্ত্তি ট্ৰাক জব্দ কৰে তিনিচুকীয়া আৰু ডুমডুমাৰ বন বিভাগে ৷
তথ্য অনুসৰি ধলাৰ চোৰাং কাঠ মাফিয়া ৰাজু মেধিয়ে নথিপত্ৰ নকল কৰি অবৈধভাৱে চোৰা কাঠসমূহ সৰবৰাহ কৰিছিল ৷ বন বিভাগে এক গোপন সূত্ৰৰ পমখেদি কাঠ ভৰ্তি ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় ৷ ইপিনে সংবাদ মাধ্যমতো ধাৰাবাহিক ভাৱে বাতৰি পৰিৱেশন কৰি অহাৰ পিছতো ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই মৌন হৈ চাই থকা কাৰ্যই তিনিচুকীয়া বাসীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷