তিনিচুকীয়া, 20 চেপ্তেম্বৰঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম নহাক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ কোচ ৰাজবংশীসকলৰ পিচত এইবাৰ গোৰ্খাসকলেও সাব্যস্ত কৰে প্ৰতিবাদ ৷ ভূমিপুত্ৰ বুলি দাবী কৰা গোৰ্খাসকলৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰাৰ দাবীৰে শুকুৰবাৰে তিনিচুকীয়া জিলাত প্ৰতিবাদ কৰে গোৰ্খা ছাত্ৰ সন্থাৰ কৰ্মীসকলে ৷ তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত গোৰ্খা ছাত্ৰ সন্থাৰ কৰ্মীসকলে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ৷

অসমৰ খিলঞ্জীয়া গোৰ্খা সকলৰ নাম এন আৰ চিৰ চূড়ান্ত তালিকাত নাম কৰ্তনৰ বিৰুদ্ধে আৰু অসমৰ প্ৰতিজন গোৰ্খাৰ নাম NRCত অন্তৰ্ভুক্তিৰ দাবীত শুকুৰবাৰে গোৰ্খা জনগোষ্ঠীয় চাৰিটাকৈ সংগঠনে ৰূপায়ণ কৰা প্ৰতিবাদৰ সময়ত গোৰ্খা লোকসকল বিদেশী ন্যায়াধীকৰণলৈ যোৱাৰ পূৰ্বে তেওঁলোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰে ৷ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা,অসম গোৰ্খা সন্মিলন,নেপালী সাহিত্য সভা আৰু ভাৰতীয় গোৰ্খা পৰিসংঘই তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মূখত প্ৰতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উত্তাল কৰি তোলে ৷
উল্লেখ্য যে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সদ্য ঘোষিত তালিকাত নাম নাহিল গোৰ্খাসকলৰ ৷ সেয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে অসমৰ গোৰ্খা সম্প্ৰদায়ৰ সোকসকলে ৷ তেওঁলোকৰ দাবী ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ ভুলৰ বাবেই ৰাজ্যৰ গোৰ্খাসকলৰ নাম বাদ পৰিল এন আৰ চিৰ চূড়ান্ত তালিকাৰ পৰা ৷ সেয়ে গোৰ্খাসকল বিদেশী ন্যায়াধীকৰণলৈ যোৱাৰ পূৰ্বে প্ৰতীক হাজেলা কাৰাগাৰলৈ যাব লাগিব মন্তব্য কৰে গোৰ্খা ছাত্ৰ সন্থাই ৷ শুকুৰবাৰে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মূখত কৰা অৱস্থান ধৰ্মাঘট কাৰ্যসূচীত জিলাখনৰ প্ৰায় চাৰি শতাধিক লোকে অংশগ্ৰহণ কৰে ।