ETV Bharat / state

তিনিচুকীয়া জিলা উপায়ুক্তৰ সংবাদ মেল

author img

By

Published : Aug 11, 2020, 9:10 PM IST

উল্লেখ্য যে, জিলাখনত কোভিড-১৯ ৰোগীৰ কাৰণে ১৫০০ খনলৈ বিচনাৰ সংখ্যা বৃদ্ধি কৰা হৈছে ৷ লগতে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ২০ খন বিচনাযুক্ত আই চি ইউ কোঠা নিৰ্মাণ কৰি থকা হৈছে ৷ এই নিৰ্মানকাৰ্য ১৭ আগষ্টলৈ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি সংবাদ মেলৰ জৰিয়তে জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে ৷

Press Meet
তিনিচুকীয়া জিলা উপায়ুক্তৰ সংবাদ মেল

তিনিচুকীয়া, 11 আগষ্টঃ মঙলবাৰে তিনিচুকীয়াৰ কোভিড ১৯ স্থিতি সংক্ৰান্তত এখন সংবামেল সম্বোধন কৰে তিনিচুকীয়া জিলা উপায়ুক্ত ভাস্কৰ পেগুৱে ৷ তিনিচুকীয়া আৰু মাকুম পৌৰসভাৰ অঞ্চলত এটা সপ্তাহৰ কাৰণে ঘোষণা কৰা লকডাউন মঙলবাৰে সন্ধিয়া ৬ বজাত শিথিল কৰা হয় ৷ স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি লকডাউন উঠাই দিয়া বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে ৷ কিন্তু সকলোকে সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে মাক্স পৰিধান কৰিবলৈ আহ্বান জনাই উপায়ুক্ত ভাস্কৰ পেগুৱে ৷

ইয়াৰোপৰি, আজি পৰ্যন্ত জিলাখনত ২৪,৭২৭ গৰাকীকৈ লোকক কোভিড-১৯ পৰীক্ষা কৰাৰ পাছত ৩,১৫৭ গৰাকীৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰে, আনহাতে ২৪৩৯ গৰাকী গণ সংক্ৰমণৰ পৰা আক্ৰান্ত হোৱা বুলি অৱগত কৰে উপায়ুক্তগৰাকীয়ে ৷

লগতে পঢ়কঃ বুটৰ ডালিত চিত্ৰ অংকন কৰি ৰেকৰ্ড গঢ়িলে নগাঁৱৰ যুৱকে

ইতিমধ্যে জিলাখনত ২০৬৭ গৰাকীকৈ লোক আৰোগ্য হোৱাৰ লগতে বৰ্তমান ১০৯০ গৰাকী কোভিড-১৯ ৰোগী চিকিৎসাধীন হৈ আছে ৷ ইয়াৰ বিপৰীতে জিলাখনৰ ৩৪ গৰাকী আক্ৰান্তৰ মৃত্যু হোৱা বুলি জনাই ভাস্কৰ পেগুৱে ৷

কোভিড সন্দৰ্ভত তিনিচুকীয়া জিলা উপায়ুক্তৰ সংবাদ মেল

উল্লেখ্য যে, জিলাখনত কোভিড-১৯ ৰোগীৰ কাৰণে ১৫০০ খনলৈ বিচনাৰ সংখ্যা বৃদ্ধি কৰা হৈছে ৷ লগতে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ২০ খন বিচনাযুক্ত আই চি ইউ কোঠা নিৰ্মাণ কৰি থকা হৈছে ৷ কোঠাটোৰ নিৰ্মানকাৰ্য ১৭ আগষ্টলৈ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি সংবাদ মেলৰ জৰিয়তে জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে ৷

জিলাখনৰ জনতাৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰৰ পৰা প্ৰতিদিনে ৪ হাজাৰকৈ সাধাৰণ জনতাক কোভিড-১৯ৰ পৰীক্ষা কৰাৰ লক্ষ্য লোৱা হৈছে ৷ সকলোকে স্ব-ইচ্ছাৰে আগুৱাই আহিবলৈ আহ্বান জনাই উপায়ুক্তগৰাকীয়ে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.