ETV Bharat / state

তিনিচুকীয়াত 17 জনৰ দেহত ধৰা পৰিল COVID-19 - তিনিচুকীয়াত COVID-19

আক্ৰান্ত আটাইকেইজন লোক বহিঃৰাজ্যৰ পৰা ওভতি আহি কোৱাৰেন্টাইন কেন্দ্ৰত আছিল । আক্ৰান্ত ৰোগী সকলক লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে ৷

তিনিচুকীয়াত 17 জনৰ দেহত ধৰা পৰিল COVID-19

author img

By

Published : May 30, 2020, 12:33 PM IST

তিনিচুকীয়া, 30 মে’: তিনিচুকীয়াত পুনৰ ১৭ গৰাকী ব্যক্তিৰ দেহত ধৰা পৰে মহামাৰী COVID-19 । এই সকল আক্ৰান্ত লোকৰ তিনি গৰাকী শদিয়াৰ আৰু আন 14 গৰাকী ডুমডুমাৰ মাৰোৱাৰী পঞ্চায়তী ভৱন কোৱাৰেন্টাইন কেন্দ্ৰত কোৱাৰেন্টাইন হৈ আছিল ।

আটাইকেইজন লোক বহিঃৰাজ্যৰ পৰা ওভতি আহি কোৱাৰেন্টাইন কেন্দ্ৰত আছিল ।

25 মে’ত তেওঁলোকৰ COVID-19 পৰীক্ষণৰ বাবে নমুণা সংগ্ৰহ কৰি লাহোৱালস্থিত ICMRলৈ পঠোৱা হৈছিল । শুক্ৰবাৰে নিশা ICMR ৰিপৰ্টত লোক কেইজনৰ দেহত ভাইৰাছৰ উপস্থিতি পজিটিভ ওলাই ।

আক্ৰান্ত ৰোগী সকলক লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে ৷ ইপিনে নিশা ৰাজ্যিক শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে চিকিৎসালয়খন উপস্থিত হৈ পৰিস্থিতি বুজ লৈ ৰোগী সকলক সু-নিশ্চিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে জিলা স্বাস্থ্য বিভাগক ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.