ETV Bharat / state

HSLC Paper Leak : ছেবাৰ বিৰুদ্ধে তিনিচুকীয়াত আছুৰ প্ৰতিবাদ - protest against SEBA

মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ সন্দৰ্ভত তিনিচুকীয়াত আছুৰ প্ৰতিবাদ ৷ তিনিচুকীয়া মহাবিদ্যালয় তিনিআলিত শিক্ষামন্ত্ৰীৰ লগতে ছেবাৰ অধ্যক্ষৰ পুত্তলিকা ওলোমাই প্ৰতিবাদ (protest against HSLC paper leak at tinsukia) ।

HSLC paper leak
protest against HSLC paper leak
author img

By

Published : Mar 14, 2023, 5:13 PM IST

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদত তিনিচুকীয়া আছুৰ প্ৰতিবাদ

তিনিচুকীয়া, ১৪ মাৰ্চ : ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা অসম মাধ্যমিক শিক্ষা পৰিষদ তথা ছেবাৰ বিৰুদ্ধে তিনিচুকীয়াত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (protest against HSLC paper leak at tinsukia) ৷ উল্লেখ্য, সোমবাৰে অনুষ্ঠিত হ’বলগা সাধাৰণ বিজ্ঞানৰ পৰীক্ষাৰ প্ৰশ্নকাকত আগতীয়াকৈ ফাদিল হোৱাৰ বিৰুদ্ধে এতিয়া ৰাজ্যৰ সৰ্বত্ৰে ব্যাপক প্ৰতিবাদ আৰম্ভ হৈছে (HSLC question paper leak case) ।

একেদৰে তিনিচুকীয়াতো সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ অৰ্ধশতাধিক সদস্যই আছুৰ কাৰ্যালয়ৰ সমীপত প্ৰতিবাদ সাব্যস্ত কৰে । তাৰ পিচত সমদল উলিয়াই তিনিচুকীয়া মহাবিদ্যালয়ৰ তিনিআলিত ৰাজ্য চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে অসম মাধ্যমিক শিক্ষা পৰিষদ তথা ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ পুত্তলিকা ওলোমাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে (protest against SEBA) ৷

প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীসকলে ৰণোজ পেগু হায় হায়, শিক্ষা বিভাগ মুৰ্দাবাদ, ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ স’তে হেতালি খেলা ছেবা হায় হায়, মেট্ৰিক পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰা ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে পদত্যাগ কৰক, শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে পদত্যাগ কৰক, বিজেপি হায় হায়, ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ স’তে হেতালি নেখেলিব আদি শ্লোগানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে (tinsukia AASU protest against HSLC paper leakage) ৷

আনহাতে, মেট্ৰিকৰ দৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ পৰীক্ষাও সুকলমে পাতিব নোৱাৰাত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক পুহেশ্বৰ সোণোৱালে কয়, সোমবাৰে অনুষ্ঠিত হ'বলগা মেট্ৰিকৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষাৰ প্ৰশ্নকাকত আগতীয়াকৈ ফাদিল হোৱাৰ লগতে পৰীক্ষা বাতিল কৰিবলগা হোৱাত বিপদত পৰিছে পৰীক্ষাৰ্থীৰ লগতে অভিভাৱকসকল ৷ বছৰটোত ছেবাই এটাই পৰীক্ষা অনুষ্ঠিত কৰে । কিন্তু তাকো সুকলমে অনুষ্ঠিত কৰিব নোৱাৰে ৷ ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ স’তে বাৰেবাৰে হেতালি খেলে এই বিভাগটোৱে ৷ গতিকে সোনকালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰক ৷

সমান্তৰালভাৱে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক টংকেশ্বৰ শইকীয়াই শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক পুতলা মন্ত্ৰী আখ্যা দি কয় যে, শিক্ষা মন্ত্ৰীগৰাকীয়ে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি সোনকালে পদত্যাগ কৰক আৰু ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰি বিহিত ব্যৱস্থা ল’ব লাগে ৷ লগতে সোনকালে প্ৰশ্নকাকত ফাদিল কৰা চক্ৰটোৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰি উক্ত চক্ৰটোৰ স’তে জড়িত সকলোকে কৰায়ত্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰো দাবী জনায় । অন্যথা অনাগত দিনত তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই ইয়াৰ বিৰুদ্ধে পুনৰ তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব ৷

লগতে পঢ়ক :AJYCP Protest at Jonai : শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক পদত্যাগৰ দাবী AJYCP ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.