ডুমডুমা,25মেঃ লক্ ডাউনৰ মাজতে তিনিচুকীয়াৰ কাকজানত বিষাক্ত কাঠফুলা খাই তিনিজনকৈ লোক অসুস্থ হৈ পৰে ৷ তিনিচুকীয়া জিলাৰ ফিল'বাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৪ নং কাকজানত নিশাৰ আহাৰত কাঠফুলা খাই মনোজ মহালী, অম্বিকা মহালী আৰু পিংকী মহালী অসুস্থ হয় ।
কাঠফুলা ভক্ষণ কৰাৰ পিচতে তেওঁলোক গুৰুতৰভাৱে অসুস্থ হৈ পৰাত প্ৰথম অৱস্থাত ডুমডুমা FRU চিকিৎসালয়লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে আটাইকেইজনক তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হৈছে ।
লগতে পঢ়কঃ বৰপেটাত লক ডাউন উলংঘা নকৰাৰ বাবে প্ৰশাসনৰ তৎপৰতা