ETV Bharat / state

Theft in Civil hospital: চিকিৎসালয়ত শুই থকা ব্যক্তিৰ ম’বাইল চুৰি কৰি উধাও চোৰ

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 9:08 AM IST

তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত চোৰৰ টিঘিলঘিলনী ৷ সুযোগ পালেই চোৰে কৰে ম’বাইল, টকাৰ বেগ চুৰি ৷ এইবাৰ ম’বাইল চুৰি কৰাৰ সমগ্ৰ দৃশ্যাংশ বন্দী হ’ল CCTV কেমেৰাত ৷

Thieve stole mobile phone
তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত চোৰৰ টিঘিলঘিলনী

তিনিচুকীয়া, ২৫ ছেপ্টেম্বৰ : তিনিচুকীয়াৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসামৰিক চিকিৎসালয়ত অব্য়াহত আছে চোৰৰ টিঘিলঘিলনী ৷ সুবিধা পালেই চোৰে ৰোগী কিম্বা ৰোগীৰ লগত থকা অভিভাৱকৰ পৰা চুৰি কৰি নিয়ে ম’বাইলৰ লগতে টকাৰ বেগ ৷ চিকিৎসালয়খনত এই অভিযোগ দীৰ্ঘদিনীয়া যদিও শেহতীয়াকৈ ২২ ছেপ্টেম্বৰৰ পুৱা এগৰাকী ৰোগীৰ অভিভাৱকৰ এটা ম’বাইল চুৰি হোৱাৰ পাচতে পোহৰলৈ আহিছে সমগ্ৰ ঘটনা ৷

বৰলাইপুলিৰ কৰুণাকান্ত বুঢ়াগোহাঁই নামৰ লোকজনৰ ৰঙা ৰঙৰ অপ’ ম’বাইলটো প্ৰসূতি বিভাগৰ বিল্ডিঙৰ বেবি আই চি ইউ কোঠাৰ সন্মুখৰ পৰা ২২ ছেপ্টেম্বৰত পুৱা ৬.২২ বজাত চুৰি কৰি নিয়ে এটা চোৰে ৷ এই সন্দৰ্ভত অভিযোগকাৰী বুঢ়াগোহাঁই জানিব দিয়া অনুসৰি, কেঁচুৱাটো আই চি ইউ ত থকাৰ বাবে ওৰে নিশা তেওঁ উজাগৰে থাকে ৷ সেয়ে পুৱা হঠাৎ অকণমান টোপনি অহাৰ সময়তে ম’বাইলটো চুৰি কৰি উধাও হয় কোনো চোৰ ৷

পৰৱৰ্তী সময়ত তিনিচুকীয়া সদৰ আৰক্ষী থানাত এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰা হয় যদিও এতিয়াও কৰুণাকান্ত বুঢ়াগোহাঁয়ে লাভ কৰা নাই হেৰুৱা ম’বাইলটো ৷

ইফালে তিনিচুকীয়া অসামৰিক চিকিৎসালয়খনৰ আৰক্ষী বিভাগ তথা সঞ্চালক ডাঃ মৃদুল গগৈয়ে এই ঘটনাৰ পাচত কৰুণাকান্ত বুঢ়াগোহাঁইক সম্পূৰ্ণ সহযোগিতা কৰিছে ৷ হাস্পতালৰ CCTV কেমেৰাৰ দৃশ্যাংশৰ পৰা ম’বালই চুৰি হোৱাটো নিশ্চিত কৰিছে হাস্পতাল কৰ্তৃপক্ষই ৷

উল্লেখযোগ্য যে, তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে যোৱা অধিক সংখ্যক ৰোগী দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৷ তেনে ক্ষেত্ৰত যদি এগৰাকী ৰোগী কিম্বা ৰোগীৰ অভিভাৱকৰ টকা নতুবা ম’বাইল চুৰি হয়, তেন্তে সেই সময়ত বহু বিপদত পৰিব লগা হয় পৰিয়ালটো ।

গতিকে এইক্ষেত্ৰত আৰক্ষী বিভাগ তথা চিকিৎসালয়খনৰ কৰ্তৃপক্ষই সুৰুঙাসমূহ বিচাৰি উচিত পদক্ষেপ লোৱাটো বৰ্তমান সময়ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷

লগতে পঢ়ক : Army couple arrested: বনকৰা কিশোৰীক গৰম পানী ঢালি পাশৱিক অত্যাচাৰ সেনা বিষয়া আৰু পত্নীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.