তিনিচুকীয়া, 6 অক্টোবৰ : মঙলবাৰে তিনিচুকীয়াত অইল ইণ্ডিয়াৰ বৈষম্য আৰু বঞ্চনাৰ প্ৰতিবাদত এজন খেতিয়কে এককভাৱে অনশন কাৰ্যসূচী ৰূপায়ন কৰে ৷ তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অনশন কাৰ্যসূচী ৰূপায়ন কৰে খেতিয়ক গৰাকীয়ে ৷
কৃষক গৰাকীৰ অভিযোগ অনুসৰি, বিগত প্ৰায় 131 টা দিনে জ্বলি আছে অভিশপ্ত বাঘজান BGR 5 নং তৈলখাদ । কিন্তু ক্ষতিগ্ৰস্ত ৰাইজক অইল ইণ্ডিয়া লিমিটেডে প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি হে প্ৰদান কৰিছে । বাঘজানবাসী ৰাইজৰ খেতিয়ক সকলৰ বাবে কোনো ধৰণৰ ক্ষতিপূৰণ প্ৰদান কৰা নাই অইল ইণ্ডিয়া কোম্পানীয়ে ।

যেতিয়ালৈকে 'অইল ইণ্ডিয়া' কোম্পানীয়ে খেতি পথাৰ নষ্ট হোৱা খেতিয়ক সকলক উপযুক্ত ক্ষতিপূৰণ নিদিব তেতিয়ালৈকে এই অনশন কাৰ্যসূচী অব্যাহত থাকিব বুলি জনাই কৃষক ধমেন মৰাণে ।
লগতে পঢ়ক : কুকি উগ্ৰপন্থী সংগঠনৰ সেনাধ্যক্ষ মাৰ্টিন গুইটে নিহত