ETV Bharat / state

তিনিচুকীয়াত ছাত্ৰ মুক্তিৰ বৃহৎ মানৱ শৃংখল - tinisukia

2015 চনৰ 29 আগষ্ট তিনিচুকীয়া জিলাৰ লিডুত এগৰাকী জনজাতীয় কলেজীয়া ছাত্ৰীয়ে গণ ধৰ্ষণৰ বলি হৈ কৰুণ মৃত্যুক সাৱতিবলগীয়া হৈছিল । এই ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদো সাব্যস্ত কৰা হৈছিল ।

Satra Mukti Sangram stages protest
তিনিচুকীয়াত ছাত্ৰ মুক্তিৰ বৃহৎ মানৱ শৃংখল
author img

By

Published : Feb 20, 2021, 10:29 PM IST

তিনিচুকীয়া, 20 ফেব্ৰুৱাৰী : তিনিচুকীয়াৰ জিলাৰ টিৰাপ নৈৰ ওপৰত লিডু-কাম্বা গাঁও সংযোগী পকী দলং নিৰ্মাণ কৰাৰ দাবীত শনিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত হাৱাই পথাৰ কাম্বাগাঁৱৰ ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে, 2015 চনৰ 29 আগষ্ট তিনিচুকীয়া জিলাৰ লিডুত এগৰাকী জনজাতীয় কলেজীয়া ছাত্ৰীয়ে গণ ধৰ্ষণৰ বলি হৈ কৰুণ মৃত্যুক সাৱতিবলগীয়া হৈছিল । এই ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদো সাব্যস্ত কৰা হৈছিল । যাতায়তৰ পয়ালগা অৱস্থাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰো অভিযোগ উত্থাপন হৈছিল ৷

তিনিচুকীয়াত ছাত্ৰ মুক্তিৰ বৃহৎ মানৱ শৃংখল

এই ঘটনাৰ পাছতে টিৰাপ নৈৰ ওপৰত ছাত্ৰীগৰাকীৰ সোঁৱৰণত লিডু কাম্বাগাঁও সংযোগী দলং নিৰ্মাণৰ দাবী উত্থাপন হৈছিল । চৰকাৰী কৰ্তৃপক্ষই দাবী পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু চৰকাৰে আজি পৰ্যন্ত এই প্ৰতিশ্ৰুতি কাৰ্যকৰীকৰণৰ বাবে কোনো ব্যৱস্থ গ্ৰহণ নকৰিলে ৷ আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত হাৱাই পথাৰ কাম্বাগাঁৱৰ ৰাইজে দুৰ্ভগীয়া পৰিয়ালটোকলৈ বৃহৎ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীয়ে বিধায়ক ভাস্কৰ শৰ্মা মুৰ্দাবাদ, অসম চৰকাৰ মুৰ্দাবাদ, আমাক দলং লাগিবই আদি বিভিন্ন শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক : আলফালৈ কি আহ্বান ছাত্ৰ সন্থাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.