ETV Bharat / state

কাকপথাৰত 20 গাড়ী কয়লাক লৈ চাঞ্চল্য

author img

By

Published : Nov 8, 2019, 10:24 AM IST

কাকপথাৰৰ চেলেংগুৰীত এটা ইটা ভাটাত বিশ গাড়ী কয়লা মজুত কৰি ৰখাক লৈ চাঞ্চল্য অঞ্চলটোত ৷ বৃহৎ পৰিমাণৰ কয়লাখিনি ক'ৰ পৰা,কেতিয়া,কেনেকৈ আহিল,তাৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত দাবী দুই সংগঠনৰ ৷

কাকপথাৰত 20 গাড়ী কয়লাক লৈ চাঞ্চল্য

তিনিচুকীয়া,8 নৱেম্বৰঃ তিনিচুকীয়া জিলাত অবৈধ কাঠ,কয়লাৰ ৰমৰমীয়া বেহাৰ বাতৰি প্ৰকাশ পাই থকাৰ মাজতেই জিলাখনৰ কাকপথাৰস্থিত এটা ইটাভাটাত ২০ গাড়ীতকৈ অধিক অবৈধ কয়লা মজুত থকাৰ খবৰে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কাকপথাৰৰ চেলেংগুৰীত জনৈক সিং উপাধিৰ ইটাভাটাটোত চাৰিটাকৈ ঠাইত সৰ্বমুঠ প্ৰায় বিশ গাড়ী কয়লা মজুত কৰি ৰখা হৈছে ৷ বৰ্তমান তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাস্থিত উত্তৰ-পূব কয়লা ক্ষেত্ৰত কয়লা ৰপ্তানী বন্ধ থকাৰ পৰিপেক্ষিতত ক'ৰ পৰা ইমান বৃহৎ সংখ্যক কয়লা মজুত কৰিলে,সেইয়া এক ৰহস্যজনক বিষয় হৈ পৰিছে ৰাইজৰ বাবে ৷

SADIA KAKOPATHAR ILLEGAL COAL TRUCK RECOVER ASSAM
ইটা ভাটাত বিশ গাড়ী কয়লা মজুত কৰি ৰখাক লৈ চাঞ্চল্য

জানিব পৰা অনুসৰি অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ খাৰচাঙৰ পৰা উক্ত কয়লাখিনি অবৈধ ভাৱে আনিছিল লোকজনে ৷ অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰ হৈ ডিৰাক গেটেদি কাকপথাৰ চহৰৰ মাজেদি ইমান বৃহৎ সংখ্যক চোৰাং কয়লা অহাৰ পিছতো স্থানীয় আৰক্ষী তথা জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বিষয়টোৱেও ৰহস্যৰ সৃষ্টি কৰিছে ৷

কাকপথাৰত 20 গাড়ী কয়লাক লৈ চাঞ্চল্য

ইফালে ইটা ভাটাটোত অবৈধ কয়লা মজুত থকা বিষয়টোত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লগতে যুৱ কংগ্ৰেছে ৷ উক্ত বৃহৎ পৰিমাণৰ চোৰাং কয়লা ক'ৰ পৰা,কেতিয়া,কেনেকৈ আহিল,তাৰ ওপৰত এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে সংগঠন দুটাই ৷ স্থানীয় আৰক্ষী তথা জিলা প্ৰশাসনে অতি সোনকালে অবৈধ কয়লাখিনি জব্দ কৰাৰ লগতে চোৰাং কয়লা সৰবৰাহ কৰা লোকসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ৷

লগতে পঢ়কঃ

Intro:কেন্দ্ৰীয় খনিজ মন্ত্ৰ্যালয়ে অনুমতি নিদোতেই অৰুণাচল প্ৰদেশৰ খাৰচাঙৰ কয়লা অসমত প্ৰবেশ, কাকপথাৰস্থিত ইটাভাটাত মজুত ২০গাড়ীতকৈ অধিক অবৈধ কয়লা

কাকপথাৰ : তিনিচুকীয়া জিলাত অবৈধ কাঠ, কয়লা ৰমৰমীয়া বেহাৰ বাতৰি প্ৰকাশ পাই থকাৰ মাজতেই জিলাখনৰ কাকপথাৰস্থিত এটা ইটাভাটাত ২০গাড়ীতকৈ অধিক অবৈধ কয়লা মজুত থকা খবৰে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কাকপথাৰৰ চেলেংগুৰীত জনৈক সিং উপাধিৰ ইটাভাটাটোত চাৰিটাকৈ ঠাইত সৰ্বমুঠ প্ৰায় বিশগাড়ীকৈ কয়লা মজুত কৰি ৰখা হৈছে ৷ বৰ্তমান তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাস্থিত উত্তৰ-পূব কয়লা ক্ষেত্ৰত কয়লা ৰপ্তানী বন্ধ থকাৰ পৰিপেক্ষিতত কৰ পৰা ইমান বৃহৎ সংখ্যক কয়লা মজুত কৰিলে, সেইয়া এক ৰহস্যজনক বিষয় ৷ আমাৰ সাংবাদিকৰ স্বজমিন তদন্তত পোৱা তথ্য মতে যোৱা প্ৰায় এটা পষেকত চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বৰ্তমানৰলৈকে চৰকাৰী পঞ্জীয়নভুক্ত নোহোৱা চাংলাং জিলাৰ খাৰচাঙৰ পৰা উক্ত কয়লাখিনি অবৈধ ভাবে অহা বুলি জানিব পৰা গৈছে ৷ অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰ হৈ ডিৰাক গেটেদি কাকপথাৰ চহৰৰ মাজেদি ইমান বৃহৎ সংখ্যক চোৰাং কয়লা অহাৰ পিছতো স্থানীয় আৰক্ষী তথা জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বিষয়টোৱেও ৰহস্যৰ সৃষ্টি কৰিছে ৷ ইটা ভাটাটোত অবৈধ কয়লা মজুত থকা বিষয়টোত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লগতে যুৱ কংগ্ৰেছে ৷ উক্ত বৃহৎ পৰিমানৰ চোৰাং কয়লা কৰ পৰা, কেতিয়া, কেনেকৈ আহিল, তাৰ ওপৰত এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে সংগঠন দুটাই ৷ স্থানীয় আৰক্ষী তথা জিলা প্ৰশাসনে অতি সোনকালে অবৈধ কয়লাখিনি জব্দ কৰাৰ লগতে চোৰাং কয়লা সৰবৰাহ কৰা লোকসকলক ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ নকৰিলে নিজাববীয়া ব্যৱস্থা লোৱাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনদুটাই ৷Body:Byte : 1/ AJYCP leader
2/ Youth Congress leaderConclusion:Mintu talukdar
Sadiya
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.