ETV Bharat / state

প্ৰধানমন্ত্ৰী কিষক সন্মান নিধিৰ নামত তিনিচুকীয়াৰ বিভিন্ন পঞ্চায়তত দুৰ্নীতি

author img

By

Published : May 14, 2020, 4:01 PM IST

তিনিচুকীয়া জিলাৰ কেতেটেং পঞ্চায়ত আৰু গাভৰুভেটি পঞ্চায়তৰ সচিব প্ৰৱিত্ৰ মহন্তয়ো এই ধন লাভ কৰা বুলি অভিযোগ কৰে গাঁওবাসীয়ে ৷ সমান্তৰালভাবে কাকপথাৰৰ বিভিন্ন পঞ্চায়তত বিকি মাহাতো আৰু কেডাৰ মাহাতো  নামৰ দুজন ব্যক্তিৰ নাম প্ৰতিখন গাৱঁৰ তালিকাতে সনিবিষ্ট হোৱা পৰিলক্ষিত হৈছে ৷ বিকি মাহাতো নামৰ লোকজনে কাকপথাৰ পঞ্চায়তৰ বিভিন্ন গাৱঁত প্ৰায় ৭৬বাৰ, কেডাৰ মাহাতোই ৪৬বাৰ, কুমচাং পঞ্চায়তত বিকি মাহাতোই ২০বাৰতকৈ অধিক আৰু কেডাৰ মাহাতোই ১০তকৈ অধিক এই আচঁনিৰ পৰা ধন লাভ কৰা বুলি অৱগত কৰে গাঁওবাসীয়ে ৷

Sadia agriculture scam during lock down
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ নামত পুনৰ দুৰ্নীতি

শদিয়া, 24মে' : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ বিভিন্ন পঞ্চায়তত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ হিতাধিকাৰীৰ বাছনিত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ কাকপথাৰৰ কুমচাং পঞ্চায়তৰ অন্তৰ্গত ক্ষুদ্ৰ পঞ্চায়তৰ সভানেত্ৰীয়ে এই ধন লাভ কৰাৰ বিপৰীতে কাকপথাৰ পঞ্চায়তৰ অন্তৰ্গত ৬নং ৱাৰ্ড(লাজুম গাওঁ)ৰ এগৰাকী পঞ্চায়ত সচিবে এই ধন লাভ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

আনহাতে, তিনিচুকীয়া জিলাৰ কেতেটেং পঞ্চায়ত আৰু গাভৰুভেটি পঞ্চায়তৰ সচিব প্ৰৱিত্ৰ মহন্তয়ো এই ধন লাভ কৰা বুলি অভিযোগ কৰে গাঁওবাসীয়ে ৷ সমান্তৰালকৈ কাকপথাৰৰ বিভিন্ন পঞ্চায়তত বিকি মাহাতো আৰু কেডাৰ মাহাতো নামৰ দুজন ব্যক্তিৰ নাম প্ৰতিখন গাৱঁৰ তালিকাতে সনিবিষ্ট হোৱা পৰিলক্ষিত হৈছে ৷ বিকি মাহাতো নামৰ লোকজনে কাকপথাৰ পঞ্চায়তৰ বিভিন্ন গাৱঁত প্ৰায় ৭৬বাৰ, কেডাৰ মাহাতোই ৪৬বাৰ, কুমচাং পঞ্চায়তত বিকি মাহাতোই ২০বাৰতকৈ অধিক আৰু কেডাৰ মাহাতোই ১০তকৈ অধিক এই আচঁনিৰ পৰা ধন লাভ কৰা বুলি অৱগত কৰে গাঁওবাসীয়ে ৷

আনহাতে, এই অনিয়মৰ বিৰুদ্ধে কাকপথাৰ আৰু কুমচাং পঞ্চায়তৰ সভাপতি আৰু সচিবৰ পৰা জানিব বিচৰাত কুমচাং পঞ্চায়তৰ সচিবে তেওঁলোকে উক্ত আচঁনিৰ বাবে কোনো ধৰণৰ তালিকা প্ৰেৰণ কৰা নাই বুলি স্পষ্ট কৰি দিয়ে ৷ ইয়াৰ বিপৰীতে কুমচাং পঞ্চায়তৰ সভানেত্ৰী দিপালী তাঁতি সোনাৰৰ নাম কেনেদৰে উক্ত তালিকাত অন্তৰ্ভুক্ত হ'ল সেই ক্ষেত্ৰত কোনো স্পষ্টীকৰণ দিব নোৱাৰে সভানেত্ৰীগৰাকীয়ে ৷

ঠিক তেনেদৰে কাকপথাৰ পঞ্চায়তৰ সভানেত্ৰীয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি হিতাধিকাৰী বাচনিৰ ক্ষেত্ৰত জড়িত নহয় বুলি স্পষ্ট কৰি দিয়াৰ লগতে তালিকা প্ৰস্তুত কৰাৰ বিষয়টোৰ ওপৰত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় ৷ কিন্তু পঞ্চায়তখনৰ সচিব অনুপম বৰুৱাই সংবাদ মাধ্যমৰ প্ৰশ্নৰ পৰা নিজকে অতৰাই ৰখাৰ বাবে এই দুৰ্নীতিত তেওঁ জৰিত থকা বুলিও অভিযোগ কৰে স্থানীয় লোকে ৷

ইতিমধ্যে কাকপথাৰ অঞ্চলত দৰিদ্ৰ কৃষকৰ বাবে অহা ধনৰ হিতাধিকাৰী বাছনিৰ ক্ষেত্ৰত হোৱা অনিয়ম তথা খেলিমেলি উচিত তদন্ত বিচাৰি কাকপথাৰ অঞ্চলৰ কেইবাখনো গাৱঁৰ ৰাইজে জিলা উপায়ুক্তৰ যোগেদি কৃষিমন্ত্ৰীক স্মাৰক পত্ৰ দিয়াৰ ব্যৱস্থা কৰিছে বুলি অৱগত কৰে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.