ETV Bharat / state

তিনিচুকীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

তীব্ৰবেগী যানবাহন কঢ়িয়াই অনা ট্ৰাকখনে বাইপাছত গাড়ী চলোৱাৰ প্ৰশিক্ষণ দি থকা নিটাই ড্ৰাইভিং স্কুলৰ গাড়ীখনক খুন্দিয়াই মাকুম দিশে পলায়ন কৰে ৷

থিতাতে নিহত এজন
তিনিচুকীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা
author img

By

Published : Aug 25, 2020, 12:04 PM IST

Updated : Aug 25, 2020, 1:20 PM IST

তিনিচুকীয়া, 25আগষ্টঃ মঙলবাৰে পুৱাই তিনিচুকীয়াত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ তিনিচুকীয়াৰ নিটাই নামৰ ড্ৰাইভিং স্কুলৰ এখন বাহনক হাতীগড় বাইপাছত এখন তীব্ৰবেগী ট্ৰাকে খুন্দিয়াই পলায়ন কৰে ৷ ড্ৰাইভিং স্কুলৰ বাহনখনত থকা হিমাংশু মৰাণ নামৰ এজন ছাত্ৰ থিতাতে নিহত হোৱাৰ লগতে তিনিগৰাকী গুৰুতৰভাৱে আহত হোৱা বুলি জানিবলৈ দিয়ে প্ৰতক্ষ্যদৰ্শীয়ে ৷

তিনিচুকীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা
ইতিমধ্যে স্থানীয় লোকে আঘাতপ্ৰাপ্ত সকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ যানবাহন কঢ়িয়াই অনা তীব্ৰবেগী ট্ৰাকখনে বাইপাছত গাড়ী চলোৱাৰ প্ৰশিক্ষণ দি থকা নিটাই ড্ৰাইভিং স্কুলৰ গাড়ীখনক খুন্দিয়াই মাকুম দিশে পলায়ন কৰে বুলি জানিব পৰা গৈছে । ইতিমধ্যে ঘটনাস্থলীত বাৰেকুৰি আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়কঃ জোনাইৰ বানাক্ৰান্তই চৰকাৰী ভূমি দখল কৰাৰ অভিযোগ

Last Updated : Aug 25, 2020, 1:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.