শদিয়া, 29 মাৰ্চ : ধলাৰ ছৈখোৱাত সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ মেছাকী TS 1 অইল খাদৰ পৰা তেল কঢ়িয়াই লৈ অনা এখন টেংকাৰৰ খুন্দাত থিতাতে নিহত হয় এজন স্কুটী আৰোহী ৷
স্থানীয় লোকে সদৰি কৰা মতে টেংকাৰখনে স্কুটী আৰোহীজনক পিছফালৰ খুন্দাৰ মৰা ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ তেলৰ টেংকাৰ নম্বৰ AS-23AC-9079 ৷ থিতাতে নিহত হোৱা লোকজানৰ নাম নিপৌ সোনোৱাল (৪৭) ৷
উল্লেখ্য যে, এই ঘটনাৰ পাচতে উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় অঞ্চলটোত ৷ ক্ষোভ প্ৰকাশ কৰি স্থানীয় ৰাইজে অইলৰ এখন বাহন ঠেলি পথৰ কাষত পেলাই দিয়ে ৷ বৰ্তমানেও পৰিস্থিতি উত্তপ্ত হৈ আছে অঞ্চলটোত ৷ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক: আবিৰৰ ৰঙে সলনি কৰিলে ৰাজনীতিৰ ৰং