ETV Bharat / state

ক’ভিড সংক্ৰমণ ৰোধৰ বাবে ৰতনীপথাৰ যুৱক সংঘৰ নিৰ্দেশনাৱলী জাৰি - RATANIPATHAR YUBA SANGHA

ৰতনীপথাৰ যুৱক সংঘই গাঁওখনত অনিৰ্দিষ্ট দিনলৈ ক'ভিড সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে ঘোষণা কৰা নীতি-নিৰ্দেশনাসমূহ সকলো ব্যক্তিয়ে মানি চলাৰ বাবে বাধ্যবাধকতাৰ এক নিয়মাৱলী গ্ৰহণ কৰে ৷ শিশুসকলক ঘৰৰ চৌহদৰ পৰা বাহিৰলৈ ওলাই যাব নোৱাৰিবলৈ অভিভাৱকসকলক সতৰ্ক দৃষ্টি ৰাখিবলৈ আহ্বান জনায় সংঘই ৷

RATANIPATHAR YUBA SANGHA STEP FOR PREVENTING THE SPREAD OF COVID
ক’ভিড সংক্ৰমণ ৰোধৰ বাবে ৰতনীপথাৰ যুৱক সংঘৰ নিৰ্দেশনাৱলী জাৰি
author img

By

Published : May 20, 2021, 8:19 PM IST

ডুমডুমা, 20 মে’ : তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ৰতনীপথাৰ গাঁৱৰ যুৱক সংঘই ক’ভিড ১৯ ৰ সংক্ৰমণ ৰোধ কৰিবলৈ গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ । তিনিচুকীয়াৰ বুঢ়ীদিহিং মৌজাৰ ১ নং ৰতনীপথাৰ যুৱক সংঘই গাঁওখনত অনিৰ্দিষ্ট দিনলৈ ক'ভিড সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে ঘোষণা কৰা নীতি নিৰ্দেশনাসমূহ সকলো ব্যক্তিয়ে মানি চলাৰ বাবে বাধ্যবাধকতাৰ এক নিয়মাৱলী গ্ৰহণ কৰে ৷

যুৱক সংঘই শিশুসকলক ঘৰৰ চৌহদৰ পৰা বাহিৰলৈ ওলাই যাব নোৱাৰিবলৈ অভিভাৱকসকলক সতৰ্ক দৃষ্টি ৰাখিবলৈ আহ্বান জনায় ৷ ইয়াৰ লগতে গাঁওখনত আয়োজন কৰা বিবাহ পৰ্ব, সকাম-নিকাম আদি চৰকাৰৰ নিৰ্দেশনা অনুসাৰে অনুষ্ঠিত কৰিব নোৱাৰিলে অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা, গাঁৱৰ যিকোনো ব্যক্তিয়ে অন্য অঞ্চললৈ জৰুৰী কাম নাথাকিলে ওলাই যোৱাটো বন্ধ কৰাৰ উপৰিও বিশেষ সতৰ্কতা অৱলম্বন কৰা কৰিবলৈ আহ্বান জনায় ৷

ক’ভিড সংক্ৰমণ ৰোধৰ বাবে ৰতনীপথাৰ যুৱক সংঘৰ নিৰ্দেশনাৱলী জাৰি

গাঁওখনলৈ বহি অঞ্চলৰ পৰা অহা যিকোনো ব্যক্তিয়ে অকাৰণত যাতে কোনো ব্যক্তিৰ ঘৰত অতিথিৰূপে আশ্ৰয় গ্ৰহণ নকৰে, গাঁৱৰ ৰাস্তা-ঘাট, ৰাজহুৱাস্থান আদিত দুই তিনিগৰাকীতকৈ অধিক ব্যক্তিৰ সমাগম বন্ধ কৰা আদি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । গাঁওখনৰ যুৱক সংঘই লোৱা সিদ্ধান্তসমূহ কাৰ্যকৰী হোৱালৈ সংঘই চোকা নজৰ ৰখাৰ কথা উল্লেখ কৰি সকলোৰে দৃষ্টি পৰাৰ গাঁওখনলৈ সোমাব পৰা সকলো প্ৰৱেশদ্বাৰ, ৰাজহুৱা স্থান, দোকান পোহাৰ আদিত এই সিদ্ধান্তৰ নিয়মাৱলীৰ ফলক আঁৰি দিছে ।

লগতে পঢ়ক : ৰাজ্যত আংশিক লক ডাউনে হ্ৰাস কৰিছে ক’ভিড-19 ত আক্ৰান্ত আৰু মৃতকৰ সংখ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.