ETV Bharat / state

Tense situation in Bhagjan: ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষী থানাৰ পৰা পলায়ন কৰাক লৈ উত্তাল বাঘজান - Drugs paddler arrested in Tinsukia

বাঘজান আৰক্ষী থানাৰ পৰা কৰায়ত্ব কৰা লোক পলায়ন কৰাক লৈ ৰাইজৰ উত্তাল প্ৰতিবাদ ।

Baghjan Police Station
বাঘজান আৰক্ষী থানা
author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 8:26 PM IST

বাঘজান আৰক্ষী থানা

তিনিচুকীয়া, ৩১ অক্টোবৰ: আৰক্ষীৰ গাফিলতিৰ বাবে থানাৰ পৰাই অভিযুক্তৰ পলায়নকলৈ আজি উত্তপ্ত হৈ পৰে বাঘজান । সোমবাৰে নিশা এটা ড্ৰাগছ সৰবৰাহকাৰী আৰু তিনিজন ড্ৰাগছ সেৱনকাৰীক স্থানীয় ৰাইজে কৰায়ক্ত কৰি বাঘজান আৰক্ষীক গটাই দিছিল । কিন্তু আৰক্ষী থানাৰ পৰাই পুৱতি নিশা থানাৰ লকআপ খুলি পলায়ন কৰে টোপুল মৰাণ নামৰ মূল ড্ৰাগছ সৰবৰাহকাৰীটো ৷ তাৰ পাছতে স্থানীয় ৰাইজে আজি বাঘজান আৰক্ষী থানা ঘেৰাও কৰি আৰক্ষীক জবাবদিহি কৰে ।

লগতে পঢ়ক:APCC president react over TV Channel : দুটা টিভি চেনেলে মুখ্যমন্ত্ৰীৰ বুলেটপ্ৰুফ জেকেটৰ দৰে কাম কৰিছে: ভূপেন বৰা

ক্ষুব্ধ স্থানীয় ৰাইজে " অসম আৰক্ষী হাই হাই "," বাঘজান আৰক্ষীৰ কাম নাই "," বাঘজান আৰক্ষী ঘোচখোৰ " আদি শ্ল’গানেৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে কৰে । প্ৰতিবাদকাৰী ৰাইজে আৰক্ষী থানাৰ পৰাই পলাতক ড্ৰাগছ মাফিয়া টোপুল মৰাণক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় । ড্ৰাগছ মাফিয়া চিবেন মৰাণক গ্ৰেপ্তাৰ কৰাৰ লগতে বাঘজান আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ ফুলকোঁৱৰ আৰু এছ আই দীপক চেত্ৰীক নিলম্বন কৰাৰ দাবী জনায় ৷

লগতে পঢ়ক:SDO Deepan Burman Attitude : মহকুমাধিপতি দ্বীপন বৰ্মনৰ Attitude ত জাঙুৰ খাই উঠিছে ৰঙিয়াৰ সচেতন মহল

উল্লেখযোগ্য যে উত্তেজিত ৰাইজে গৰিয়াটিং গাঁৱৰ পলাতক টোপুল মৰাণ, কেৰাণী গাঁৱৰ পৱন মহন্ত, বিষ্ণুপুৰ গাঁৱৰ প্ৰণৱ মৰাণ আৰু ৰাহুল মৰাণক ৰাইজে হাতে-লোটে ধৰি স্থানীয় বাঘজান আৰক্ষীক গতাই দিছিল । পৰৱৰ্তী সময়ত বাঘজান আৰক্ষী থানাত উপ আৰক্ষী অধীক্ষক পবিত্ৰ ৰাভাই উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । উপ-আৰক্ষী অধীক্ষক পবিত্ৰ ৰাভাই পলাতক টোপুল মৰাণক আটক কৰিবলৈ ২৪ ঘণ্টা সময় বিচৰাৰ লগতে উক্ত ঘটনাত জগৰীয়া আৰক্ষীক তদন্ত কৰি উচিত শাস্তি বিহা হ’ব বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক:Nitin Gadkari in Guwahati: ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ কাষেৰে ৰিং ৰোড; কাজিৰঙাত এলিভেটেড ৰোড সকলো হ’ব; গাডকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.