ETV Bharat / state

১০ অক্টোবৰত অসম বন্ধ ! - memorandum

ৰাজ্যৰ কলিতা সকলক জনজাতিকৰণৰ দাবীৰে সোমবাৰে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদত নামিল কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে । জনগোষ্ঠীতোক স্বায়ত্ব শাসিত পৰিষদ অতি শীঘ্ৰে প্ৰদানৰ দাবীৰে কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদে অহা ১০ অক্টোবৰত ঘোষণা কৰিছে অসম বন্ধৰো ।

Kalita student union protest
প্ৰতিবাদত নামিল কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদ
author img

By

Published : Oct 6, 2020, 9:08 AM IST

তিনিচুকীয়া,6 অক্টোবৰ: ৰাজ্যৰ কলিতা সকলক জনজাতিকৰণৰ দাবীৰে সোমবাৰে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদত নামিল কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে ।

প্ৰতিবাদকাৰী সকলে তিনিচুকীয়া জিলা উপায়ুক্তৰ জৰিয়তে ১০ দফীয়া এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ । ৰাজ্যৰ কলিতা জনগোষ্ঠীটোক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰা, প্ৰাগজ্যোতিষপুৰ নামেৰে জনগোষ্ঠীটোৰ বাবে সুকীয়াকৈ স্বায়ত্ব শাসিত পৰিষদ ঘোষণা কৰা, কলিতা জনগোষ্ঠী উন্নয়ন পৰিষদ গঠন কৰি তাৎক্ষণিক ভাৱে ইয়াক ঘোষণা কৰাকে ধৰি ১০ দফীয়া দাবী সন্নিবিষ্ট কৰা হৈছে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰখনত ৷

Kalita student union protest
প্ৰতিবাদত নামিল কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদ

লগতে প্ৰতিবাদকাৰী সদস্য সকলে অৱগত কৰিলে, চৰকাৰে কৰি অহা প্ৰতাৰণা আৰু প্ৰাপ্যৰ পৰা বঞ্চিত জনগোষ্ঠীতোক স্বায়ত্ব শাসিত পৰিষদ অতি শীঘ্ৰে প্ৰদানৰ দাবীৰে কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদে অহা ১০ অক্টোবৰত ঘোষণা কৰিছে অসম বন্ধৰো । চৰকাৰে যদি তেওঁলোকৰ দাবী মানি নলয়, তেন্তে পৰৱৰ্তী পৰ্যায়ত আন্দোলন আৰু অধিক তীব্ৰতৰ কৰি তোলাৰো হুংকাৰ দিলে কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে ।

লগতে পঢ়ক:লখিমপুৰত ধন উৎকোচ লৈ গ্ৰেপ্তাৰ বন বিষয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.