ETV Bharat / state

তিনিচুকীয়াত সদৌ অসম জীৱিকা সখী সন্থাৰ অৱস্থান ধৰ্মঘট

author img

By

Published : Oct 9, 2020, 6:59 PM IST

বেতন বৃদ্ধি কৰা, টি.এ, ডি.এ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা, বিনামূলীয়া চিকিৎসা প্ৰদান কৰা আৰু গাঁও পঞ্চায়ত অনুসৰি জীৱিকা সখীক একোটাকৈ লেপটপ প্ৰদান কৰা আদি কেতবোৰ দাবীৰে শুকুৰবাৰে, তিনিচুকীয়াত সদৌ অসম জীৱিকা সখী সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

তিনিচুকীয়াত সদৌ অসম জীৱিকা সখী সন্থা
তিনিচুকীয়াত সদৌ অসম জীৱিকা সখী সন্থা

তিনিচুকীয়া, 9 অক্টোবৰ : সদৌ অসম জীৱিকা সখী সন্থাৰ কৰ্মচাৰী সকলক চৰকাৰে দীৰ্ঘ দিনৰ পৰা প্ৰয়োজনীয় সুবিধা সমূহ প্ৰদান নকৰাৰ অভিযোগত শুকুৰবাৰে, তিনিচুকীয়াৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সন্থাটোৱে ৷ শুকুৰবাৰে দিনৰ প্ৰায় 11 বজাত অনুষ্ঠিত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সন্থাটোৰ প্ৰায় শতাধিক কৰ্মকৰ্তা ৷

তিনিচুকীয়াত সদৌ অসম জীৱিকা সখী সন্থাৰ অৱস্থান ধৰ্মঘট
তিনিচুকীয়াত সদৌ অসম জীৱিকা সখী সন্থাৰ অৱস্থান ধৰ্মঘট

বেতন বৃদ্ধি কৰা, টি.এ, ডি.এ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা, বিনামূলীয়া চিকিৎসা প্ৰদান কৰা আৰু গাঁও পঞ্চায়ত অনুসৰি জীৱিকা সখীক একোটাকৈ লেপটপ প্ৰদান কৰাকে ধৰি কেতবোৰ দাবীৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে, জীৱিকা সখী সন্থাৰ বিষয়ববীয়া সকলে মহিলা সৱলীকৰণৰ বাবে ২০১২ চনৰ অক্টোবৰ মাহৰ পৰা বৰ্তমানলৈকে কাম কৰি আহিছে ৷ যাৰ বিনিময়ত তেওঁলোকে আৰম্ভণিৰে পৰা লাভ কৰি অহা ন্যূনতম বেতনৰ পৰিমাণৰ বাবে তেওঁলোক যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে বুলি অভিযোগ উত্থাপন কৰে ৷

লগতে পঢ়ক: বিটিএডিত নিৰ্বাচনৰ দাবীৰে অবড়ো লোকৰ বাইক ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.