তিনিচুকীয়া, ২৩ ছেপ্টেম্বৰ : শনিবাৰে তিনিচুকীয়া সাংবাদিক চ’ৰাৰ সভাগৃহত North East package Drinking water manufacturer's Association য়ে এখন সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলৰ জৰিয়তে সংস্থাটোৱে চৰকাৰে ২ আগষ্টৰ পৰা জাৰী কৰা আধা লিটাৰৰ পানী বটল বিক্ৰী বন্ধ কৰাৰ জাননী সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ তথ্য অৱগত কৰে ৷
সংবাদমেলৰ জৰিয়তে তেওঁলোকে অৱগত কৰে যে, ২৮ আগষ্টত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত সাক্ষাৎ কৰে আৰু মুখ্যমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি উদ্যোগপতিসকলৰ অভাৱ অভিযোগসমূহ অৱগত কৰি আধা লিটাৰৰ পানীৰ বটল বন্ধ নকৰিবলৈ আহ্বান জনায় ৷ ৰাজ্যত ২০৯ টা খোৱাপানী প্ৰস্তুত কৰা কাৰখানা আছে ৷ সকলোতকৈ অধিক আধা লিটাৰ পানীৰ বটল বিক্ৰী হয় আৰু গ্ৰাহকৰ পচন্দৰ ৷
তেওঁলোকে কয় যে, ৯৫ শতাংশ কাৰখানাত ১ লিটাৰ পানীৰ বটল প্ৰস্তুত কৰা সজুঁলিসমূহো নাই ৷ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্যোগপতিসকলক ২০২৪ চনৰ অক্টোবৰ মাহলৈকে আধা লিটাৰ পানীৰ বটল চলাই থাকক, কিন্তু ২৫০ এম এলৰ পানীৰ বটল সম্পূৰ্ণ বন্ধ কৰিবলৈ জনোৱাৰ লগতে পৰৱৰ্তী সময়ত পুনৰ আলোচনাত মিলিত হ’ব বুলি উল্লেখ কৰা বুলি সংবাদমেলত সদৰী কৰে সংস্থাটোৰ বিষয়ববীয়াসকলে ৷
সংবাদমেলখনত CAIT ৰ ৰাষ্ট্ৰীয় উপ সভাপতি প্ৰকাশ বৈদ, একুৱা ড্ৰাগছৰ স্বত্বাধিকাৰী দ্বীপ চৌধুৰী, এচচিয়েচনৰ ৰাজ্যিক যুটীয়া সম্পাদক তথা মুক্তিৰ স্বত্বাধিকাৰী হিমাগুৰাগ বৰঠাকুৰৰ লগতে আন দুগৰাকী স্বত্বাধিকাৰী উপস্থিত থাকে ৷
উল্লেখযোগ্য যে, ৰাজ্যৰ পৰিৱেশ আৰু বন বিভাগে ৰাজ্যখনত 1000 মিলিলিটাৰৰ তলৰ ক্ষমতাৰ প্লাষ্টিকৰ পানীৰ বটলৰ নিৰ্মাণ, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰি এক চৰকাৰী বিবৃতি প্ৰকাশ কৰিছিল ৷ 2 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'বলগীয়া এই নিয়মাৱলী পৰিৱেশ সংৰক্ষণ আৰু স্থিৰতাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে জাৰী কৰিছে ৷
লগতে পঢ়ক : Junmoni Rabha case : লখিমপুৰত জোনমণি ৰাভাৰ অভিযান প্ৰসংগত আদালতত চিবিআইৰ দাখিল চাৰ্জশ্বীট