ডুমডুমা, 16 জানুৱাৰী : শনিবাৰে ডুমডুমাৰ বাইপাছ ৰোডত সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা (Road accident at Doomdooma) ৷ জানিব পৰা মতে, মাকুম দিশৰ পৰা অহা এখন তীব্ৰ বেগী ইয়ন বাহনে ৷ বিপৰীত দিশৰ পৰা অহা স্কুটিক খুন্দা মৰাৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা ৷ উক্ত দুৰ্ঘটনাটোত থিতাতে নিহত হয় স্কুটি আৰোহী ভবেন দিহীঙিয়া নামৰ লোকজন (One man died in road accident) ৷
মৃত ভবেন দিহীঙিয়া অসম আৰক্ষীৰ এগৰাকী হাবিলদাৰ আছিল বুলি জানিব পৰা গৈছে ৷ আনহাতে, দুৰ্ঘটনা পতিত হোৱাৰ পিচত AS 23O 6309 নম্বৰৰ ইয়ন বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে ৷ দুৰ্ঘটনা সংঘটিত কৰা ইয়ন বাহনখনৰ চালকক ডুমডুমা আৰক্ষীয়ে আটক কৰে ৷
লগতে পঢ়ক : Road Accident in Tezpur: তেজপুৰত পথ দুৰ্ঘটনাত দুজনৰ মৃত্যু