ETV Bharat / state

টিংৰাইৰ গ্ৰেণেড বিস্ফোৰণত জড়িত অভিযুক্তক আটক

মঙলবাৰে পুৱতি নিশা টিংৰাইৰ বোমা বিস্ফোৰণ কাণ্ডত জড়িত দুই যুৱকক আটক কৰে আৰক্ষীয়ে ৷ লগতে যুৱক দুজনে ব্যৱহাৰ কৰা বাইকখন উদ্ধাৰ কৰা হয় ৷

arrested with involved in digboi bomb blast
টিংৰাইৰ গ্ৰেনেড বিস্ফোৰণত জড়িত অভিযুক্তক আটক
author img

By

Published : May 18, 2021, 11:40 AM IST

Updated : May 18, 2021, 2:12 PM IST

তিনিচুকীয়া,18 মে’: নতুন মোৰ লাভ কৰিছে টিংৰাইৰ বোমা বিস্ফোৰণ কাণ্ডই ৷ মঙলবাৰে পুৱতি নিশা বিস্ফোৰণৰ লগত জড়িত এজনক আটক কৰিছে তিনিচুকীয়া আৰক্ষীয়ে ৷ ডিগবৈত আটক হোৱা যুৱকজনৰ নাম মুনু ওৰফে হীৰেণ গগৈ আৰু যুৱকজন লক্ষীপথাৰৰ বুলি জানিব পৰা গৈছে ৷ আনহাতে বাইক চালক ৰণজিত চাংমাইকো নিজ বাসগৃহৰ পৰা আটক কৰা হয় ৷

ইয়াৰ পূৰ্বে আটকাধীন মুনু আলফাৰ সৈতে জড়িত আছিল ৷ শিৱসাগৰত সেনাবাহিনীৰ লগত সংঘৰ্ষত যুৱকজনৰ দেহত গুলী লাগিছিল ৷ পূৰ্বে মুনুৱে বহুকেইটা অপৰাধমূলক কাৰ্যত জড়িত থকাৰ গোচৰ ডিগবৈৰ থানাত ৰুজু কৰা বুলি জানিব পৰা গৈছে । লক্ষীপথাৰৰ নিজা বাসগৃহৰ পৰা আৰক্ষীয়ে আটক কৰে মুনুক । ইয়াৰ লগতে বিস্ফোৰণ সংঘটিত কৰাৰ সময়ত ব্যৱহৃত পালচাৰ বাইকখন আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

rescued bike
উদ্ধাৰ হোৱা পালচাৰ বাইক

উল্লেখ্য যে, বিগত 14 মে’ত ডিগবৈৰ টিংৰাই বজাৰৰ পুৰণমল আগৰৱালা নামৰ ব্যৱসায়ী প্ৰতিষ্ঠানখনত এই দুই যুৱকে নিক্ষেপ কৰিছিল গ্ৰেণেড । গ্ৰেণেড বিস্ফোৰণত দুজন যুৱকে অকাল মৃত্যুক সাৱটি ল’বলগীয়া হৈছিল আৰু দুজন যুৱক গুৰুতৰভাৱে আহত হৈছিল । এই ঘটনাই সমগ্ৰ অসমতে এক ব্যাপক চৰ্চা লাভ কৰিছিল, কিয়নো ৰাজ্যখনত নতুন চৰকাৰ গঠন হোৱাৰ লগে লগে তিনিচুকীয়া জিলাত সংঘটিত হয় দ্বিতীয়টো বিস্ফোৰণৰ ঘটনা ।

ঘটনাক লৈ শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘটনাস্থলীত উপস্থিত বিস্ফোৰণৰ ঠাই পৰ্যবেক্ষণ কৰে । লগতে মৃতকৰ পৰিয়াললৈ 5 লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে তেওঁ উক্ত ঘটনাৰ উচিত তদন্তৰ কথা উল্লেখ কৰে ৷

সেই অনুসৰি, দেওবাৰে সাংসদ ৰামেশ্বৰ তেলী, শ্ৰম মন্ত্ৰী তথা তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ, ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনে মৃতকৰ দুয়োটা পৰিয়াললৈ 5 লাখ টকাৰ চেক প্ৰদান কৰে । সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে তিনিচুকীয়া জিলা প্ৰশাসনে ।

লগতে পঢ়ক : বৰপেটাত ক'ভিডত আক্ৰান্তৰ সংখ্যা 3,380 লৈ বৃদ্ধি

Last Updated : May 18, 2021, 2:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.