ETV Bharat / state

NCORD in Tinsukia: তিনিচুকীয়াত নাৰ্কো সমন্বয় কেন্দ্ৰৰ জিলা পৰ্যায়ৰ সমিতিৰ বৈঠক

তিনিচুকীয়াত নাৰ্কোডৰ বৈঠক ৷ বৈঠকত জিলাখনত ড্ৰাগছৰ অপব্যৱহাৰ আৰু নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় ৰোধ কৰিবৰ বাবে ল’ব পৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হয়।

NCORD in Tinsukia
তিনিচুকীয়াত নাৰ্কো সমন্বয় কেন্দ্ৰৰ জিলা পৰ্যায়ৰ সমিতিৰ বৈঠক
author img

By

Published : Aug 21, 2023, 9:05 PM IST

তিনিচুকীয়া,21 আগষ্ট: সোমবাৰে তিনিচুকীয়াত নাৰ্কোটিক্স ক’ন্ত্ৰল ব্যুৰোৰ সমন্বয় কেন্দ্ৰ চমুকৈ এ.নচি.ও.আৰ.ডিৰ জিলা পৰ্যায়ৰ সমিতিৰ বৈঠক অনুষ্ঠিত হয় । জিলা পৰ্যায়ৰ সমিতিৰ বৈঠকখন আজি তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নীল পালৰ অধ্যক্ষতাত অনুষ্ঠিত হয় । বৈঠকত জিলাখনত ড্ৰাগছৰ অপব্যৱহাৰ আৰু নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় ৰোধ কৰিবৰ বাবে ল’ব পৰা বিভিন্ন ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হয়।

জিলা আয়ুক্তগৰাকীয়ে জিলাখনত ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ ৰোধ কৰিবৰ বাবে আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়ে বিতংভাবে বুজ লয় । জিলাখনত থকা চৰকাৰী-বেচৰকাৰী নিচামুক্তি কেন্দ্রৰ বিষয়ে আলোচনা কৰাৰ লগতে নিচামুক্তি কেন্দ্রসমূহৰ মানদণ্ড উন্নত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । আনহাতে নিচামুক্ত ভাৰত অভিযানৰ অংশৰূপে জিলা আয়ুক্তগৰাকীয়ে বিদ্যালয় তথা মহাবিদ্যালয় পৰ্য্যায়ত ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ অপকাৰিতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ তদুপৰিও ছাত্ৰ-ছাত্ৰী, যুৱ প্ৰজন্ম আৰু অভিভাৱকসকলক সজাগতামূলক কাৰ্য্যসূচীত অন্তৰ্ভুক্ত কৰিব লাগে বুলি মন্তব্য আগবঢ়ায় ।

জিলাখনত সকলো বিদ্যালয় তথা মহাবিদ্যালয়ত গঠন হোৱা "প্ৰহৰী" ক্লাবৰ সৈতে এন.চি.চি আৰু এন.এচ.এচৰ সদস্যসকলক জড়িত কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে পৰামৰ্শ আগবঢ়ায় । জিলাখনত ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ সেৱনৰ ঘাটিলৈ পৰিগণিত হোৱা এলেকাত সজাগতাৰ সৃষ্টিৰ লগতে সংশ্লিষ্ট বিভাগসমূহক অধিক চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়ে।

জিলা আয়ুক্তগৰাকীৰ তৰফৰ পৰা পৌৰসভাৰ কাৰ্যবাহী বিষয়াসকলৰ লগতে কাৰ্যবাহী দণ্ডাধীশসকলক বিগত ৩১ জুলাই তাৰিখে এক নিৰ্দেশনা প্ৰদান কৰা হৈছিল ৷ নিৰ্দেশনা অনুসৰি শিক্ষানুষ্ঠান সমূহৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অৱস্থিত দোকান-পোহাৰত তামোল-পাণ, চিগাৰেট, গুটকা, পাণ-মছলা তথা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ বিক্ৰীৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰী কৰা হৈছিল ৷ সেই নিষেধাজ্ঞা সঠিকভাবে পালন কৰা হৈছে নে নাই তাৰ বুজ ল’বৰ বাবে নিৰ্দেশ দিয়ে জিলা আয়ুক্তগৰাকীয়ে ।

উক্ত নিৰ্দেশনা অমান্য কৰা ব্যক্তি তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে । আজিৰ বৈঠকত জিলা উন্নয়ন আয়ুক্ত সুশান্ত কুমাৰ দত্ত, জিলা আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপ, অতিৰিক্ত জিলা আয়ুক্ত পংকজ নাগবংশী, অতিৰিক্ত জিলা আয়ুক্ত লীনা কুমাৰী পাৱে, মহকুমাধিপতি সদৰ নুজহত নছৰিন, শদিয়া আৰক্ষী জিলাৰ আৰক্ষী অধীক্ষক মৃণাল ডেকা, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ জয়ন্ত ভট্টাচাৰ্য্য, বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতুপন হাজৰিকাৰ লগতে বহু নেতৃস্থানীয় লোক উপস্থিত আছিল ৷

লগতে পঢ়ক:Truck Driver Protest in Tinsukia: তিনিচুকীয়াত অনিৰ্দিষ্টকাললৈ ট্ৰাক চলাচল বন্ধ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.