ETV Bharat / state

সাংসদ প্ৰদান বৰুৱাক প্ৰত্যাহ্বান ন-দিহিং বান্ধ সুৰক্ষা সংগ্ৰাম সমিতিৰ - ন-দিহিং বান্ধ সুৰক্ষা সংগ্ৰাম সমিতি

ডিৰাকত ন-দিহিং বান্ধ পুনৰ নিৰ্মাণৰ দাবীত অৱস্থান ধৰ্মঘট, ১৯৯২ চনত ন-দিহিং বান্ধ ভঙাৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল প্ৰায় ১৩৩খন গাঁও

সাংসদ প্ৰদান বৰুৱাক প্ৰত্যাহ্বান ন-দিহিং বান্ধ সুৰক্ষা সংগ্ৰাম সমিতৰ
author img

By

Published : Apr 4, 2019, 6:36 PM IST

Updated : Apr 4, 2019, 6:51 PM IST

শদিয়া,4 এপ্ৰিলঃডিৰাক চুমনি বান্ধৰ বিজ্ঞানসন্মত স্থায়ী সমাধানৰ দাবীত বৃহস্পতিবাৰে তিনিচুকীয়াৰ কাকপথাৰৰ ডিৰাকত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণকৰে ন-দিহিং বান্ধ সুৰক্ষা সংগ্ৰাম সমিতিয়ে ৷ ডিৰাক চাৰিআলিত ৰূপায়ণকৰা এই ৬ ঘন্টীয়া কাৰ্যসূচীত অংশগ্ৰহণ কৰে শতাধিক লোকে ৷ স্থানীয় বিধায়ক বলিন চেতীয়া আৰু সাংসদ প্ৰদান বৰুৱাক বাৰম্বাৰ অনুনয় বিনুনয় কৰাৰ পিছতো বান্ধটো সমাধান নকৰাত ক্ষোভিত হৈ ৰাইজে ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হয় বুলি জানিবলৈ দিয়ে প্ৰতিবাদকাৰী সকলে ৷

সাংসদ প্ৰদান বৰুৱাক প্ৰত্যাহ্বান ন-দিহিং বান্ধ সুৰক্ষা সংগ্ৰাম সমিতৰ

ইয়াৰ উপৰিও সাংসদ প্ৰদান বৰুৱাই বান্ধটোৰ বিষয়য়ে "এইবাৰ বানপানী নহয়" বুলি টুলুঙা মন্তব্য কৰা কাৰ্যকো সমালোচনা কৰে প্ৰতিবাদকাৰীয়ে ৷ লগতে বান্ধটো নিৰ্মাণৰ বাবে মাজে সময়ে চৰকাৰে ধন মোকলাই দিয়ে যদিও ধন সমূহ সৎ ব্যৱহাৰ নকৰাৰ অভিযোগ উৎথাপন কৰিছে প্ৰতিবাদকাৰী সকলে ৷ উল্লেখ্য যে ১৯৯২ চনত উক্ত বান্ধটো ভঙাৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল প্ৰায় ১৩৩খন গাঁও৷ প্ৰতিবাদকাৰী ৰাইজৰ অভিযোগ বান্ধটো স্থায়ী সমাধানৰ বাবে চৰকাৰে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইয়া পৰিলক্ষিত নহ'ল, ইয়াৰ বিপৰীতে নিৰ্বাচনৰ আগত বান্ধটোক লৈ সকলো ৰাজনৈতিক দলে ৰাজনীতি কৰাহে দেখা যায় ৷ উল্লেখ্য যে ছয় ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী চলি থকাৰ সময়তে স্থানীয় বিধায়ক বলিন চেতীয়াই উক্ত অঞ্চলকেইটাতে কেইবাখনো সভা আহ্বান কৰি বিজেপি দলক ভোট প্ৰদান কৰিবলৈ আহ্বান জনাই ৷

Intro:ডিৰাক চুমনি বান্ধৰ বাবে সাংসদ প্ৰদান বৰুৱাক প্ৰত্যাহ্বান জনাই ডিৰাকত অৱস্থান ধৰ্মঘট

শদিয়া : ডিৰাক চুমনি বান্ধৰ বিজ্ঞানসন্মত স্থায়ী সমাধানৰ দাবীত কাকপথাৰৰ ডিৰাকত অৱস্থান ধৰ্মঘট কাৰ্যসুচী হাতত লয় ৷ ন-দিহিং বান্ধ সুৰক্ষা সংগ্ৰাম সমিতিয়ে পুৱা দহ বজাৰ পৰা ডিৰাক চাৰিআলিত ৬ ঘন্টীয়া কাৰ্যসুচীত শতাধিক লোকে অংশগ্ৰহণ কৰে ৷ স্থানীয় বিধায়ক বলিন চেতীয়া আৰু সাংসদ প্ৰদান বৰুৱাক বাৰম্বাৰ অনুনয় বিনুনয় কৰাৰ পিছতো বান্ধটো সমাধান নকৰাত ক্ষুভিত হৈ ৰাইজে ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হয় বুলি জানিবলৈ দিয়ে ৷ সাংসদ প্ৰদান বৰুৱাই বান্ধটোৰ বিষয়য়ে "এইবাৰ বানপানী নহয়" বুলি টুলুঙা মন্তব্য কৰা কাৰ্যকো সমালোচনা কৰে প্ৰতিবাদকাৰীয়ে ৷ বান্ধটো নিৰ্মাণৰ বাবে মাজে সময়ে চৰকাৰে ধন মোকলাই দিয়ে যদিও ধন সমূহ সৎ ব্যৱহাৰ নকৰাৰ অভিযোগ উৎথাপন কৰিছে ৷ ১৯৯২ চনত উক্ত বান্ধটো ভঙাৰ ফলত প্ৰায় ১৩৩খন গাওঁ ক্ষতি সাধন কৰিছিল ৷ বান্ধটো স্থায়ী সমাধানৰ বাবে চৰকাৰে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেইয়া দেখা পৰিলক্ষিত নহয়, মাত্ৰ নিৰ্বাচনৰ আগত বান্ধটোক লৈ সকলো ৰাজনৈতিক দলে দলে ৰাজনীতি কৰাহে দেখা যায় ৷ উল্লেখ্য যে ছয় ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসুচী চলি থকাৰ সময়তে স্থানীয় বিধায়ক বলিন চেতীয়া উক্ত অঞ্চলকেইটাতে কেইবাখনো সভা আহ্বান কৰি বিজেপি দলক ভোট প্ৰদান কৰিবলৈ আহ্বান জনোৱা কাৰ্যক সচকিত কৰি তোলিছে সচেতন মহলক ৷Body:Bite : 1, Public
2, publicConclusion:Mintu Talukdar
Last Updated : Apr 4, 2019, 6:51 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.