কাকপথাৰ, 30 ডিচেম্বৰ: কাকপথাৰ থানাৰ অন্তৰ্গত ৰুমাইগাভৰুত মৰেল পুলিছগিৰিৰ ঘটনা ৷ এটা চোৰক গছত বান্ধি কেইজনমান যুৱকৰ অকথ্য শাৰীৰিক নিৰ্যাতন ৷ 2 নং ৰুমাইগাভৰু নামৰ গাঁৱখনত সংঘটিত হৈছে এই ঘটনা ৷ পোহৰলৈ আহিছে সমগ্ৰ ঘটনাৰ ভিডিঅ' ৷ অজয় ভুমিজ নামৰ 21 বছৰীয়া যুৱকজনক গাঁৱৰে এটা ঘৰত তিনি হাজাৰ টকা চুৰ কৰাৰ বাবেই এনেদৰে শাস্তি বিহে একাংশ মৰেল পুলিছৰ লোকে ৷
পিচত কাকপথাৰৰ কেইজনমান সাংবাদিকৰ তৎপৰতাত সংকটজনক অৱস্থাত অজয় ভুমিজক আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালৈ প্ৰেৰণ কৰে ৷ ৰাইজে আইন হাতত তুলি লোৱা কাৰ্যই সমগ্ৰ কাকপথাৰ অঞ্চলত এতিয়া সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
লগতে চাওক-সৰুসজাইত খেলো ইণ্ডিয়াৰ শিখা প্ৰজ্বলন