ETV Bharat / state

তিনিচুকীয়াত গৃহমন্ত্ৰী আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰীৰ পুত্তলিকা দাহ - জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা

মটক জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত তিনিচুকীয়াত প্ৰতিবাদ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ।

Matak community
তিনিচুকীয়াত গৃহমন্ত্ৰী আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰীৰ পুতলিকা দাহ
author img

By

Published : Aug 14, 2021, 12:40 PM IST

তিনিচুকীয়া, ১৪ আগষ্ট : মটক জনগোষ্ঠী (Matak community) হৈছে অসমৰ অন্যতম উল্লেখযোগ্য এক জনগোষ্ঠী । কিন্তু আজিলৈ এই জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা (Status of Tribalism) লাভ কৰা নাই । বহু বছৰ ধৰি জনজাতিকৰণৰ দাবীত মটক জনগোষ্ঠীৰ কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।

অৱশ্যে চৰকাৰে এই ক্ষেত্ৰত কোনো ব্যৱস্থা লোৱা নাই । চৰকাৰৰ বিষয়ববীয়াৰ সৈতে বহু বাৰ আলোচনাও কৰিছে মটক জনগোষ্ঠীৰ সংগঠনসমূহে । শেহতীয়াকৈ বিজেপি চৰকাৰেও বহু আশা দিছিল যদিও আজিলৈ জনজাতিকৰণ নকৰাত পুনৰ সৰৱ হৈ পৰে কেইবাটাও সংগঠন । শুকুৰবাৰৰ দিনটোত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনে কেইবাটাও স্থানত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

Matak community
দুই মন্ত্ৰীৰ পুত্তলিকা দাহ

জিলাখনৰ থানা চাৰিআলিত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Home minister Amit Shah) আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ (Arjun Munda) পুত্তলিকা দাহ কৰে ।

চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে সংগঠনটোৰ কৰ্মীসকলে । ইফাল এই প্ৰতিবাদৰ জৰিয়তে অতি শীঘ্ৰে চৰকাৰক তেওঁলোকৰ দাবী মানি ল'বলৈ আহ্বান জনায় । যদি মটক জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়া নহয় তেনেহ'লে ব্যাপক আন্দোলনৰো হুংকাৰ দিয়ে সংগঠনটোৱে ।

লগতে পঢ়ক : মূল্যবৃদ্ধিৰ প্ৰতিবাদত লখিমপুৰত আছুৰ মানৱ শৃংখল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.