ETV Bharat / state

Margherita rape case: মাৰ্ঘেৰিটাৰ কিশোৰী ধৰ্ষণকাৰীক এনকাউণ্টাৰ; চৰ্চাত আৰক্ষী সঞ্চালক প্ৰধানৰ এটা টুইট - মাৰ্ঘেৰিটাৰ জঘন্য শিশু ধৰ্ষণকাণ্ড

মাৰ্ঘেৰিটাৰ শিশু ধৰ্ষণকাৰীক গুলীয়ালে আৰক্ষীয়ে ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই ধৰ্ষণকাৰী আনন তাঁতীক গুলীয়াই আৰক্ষীয়ে (Margherita rape case accused encountered) ৷

Margherita rape case
Margherita rape case
author img

By

Published : May 4, 2023, 9:09 PM IST

তিনিচুকীয়া, 4 মে’: মাৰ্ঘেৰিটাৰ জঘন্য শিশু ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত আনন তাঁতীক এনকাউণ্টাৰ আৰক্ষীৰ ৷ আৰক্ষীৰ বাহনৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই গুলীচালনা কৰে আৰক্ষীয়ে ৷ অৰুণাচলৰ দেউমালীৰ পৰা আৰক্ষীয়ে আনন তাঁতীক গ্ৰেপ্তাৰ কৰি লৈ অনাৰ সময়তে পলায়নৰ চেষ্টা কৰিছিল ৷ এই পৰ্যন্ত আৰক্ষীয়ে সদৰী কৰা নাই সৱিশেষ তথ্য (Margherita rapist encountered) ৷ সোঁ ভৰিত গুলীবিদ্ধ হৈছে আনন তাঁতী ৷ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে নিজৰ টুইটাৰ হেণ্ডলত কৰা এটা টুইটে এই ঘটনাৰ ক্ষেত্ৰত বিশেষ তাৎপৰ্য বহন কৰিছে ৷

  • As you sow, so shall you reap.

    — GP Singh (@gpsinghips) May 4, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, আনন তাঁতীয়ে এগৰাকী 12 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি পৰৱৰ্তী পৰ্যায়ত হত্যা কৰি মৃতদেহ লুকুৱাই ৰাখিছিল মাৰ্ঘেৰিটাৰ জয়ানগৰস্থিত এটা ভাড়াঘৰৰ চেপটিক টেংকত ৷ 1 মে’ৰ পৰা সন্ধানহীন হৈ আছিল ধৰ্ষণকাণ্ডৰ বলি হোৱা 12 বছৰীয়া কিশোৰীগৰাকী ৷ বুধবাৰে বিয়লি স্থানীয় লোকে উদ্ধাৰ কৰে কিশোৰীগৰাকীৰ মৃতদেহ (Margherita rape case) ৷

উল্লেখযোগ্য যে, ১ মে’ৰ নিশা মাৰ্ঘেৰিটা ৰংগমঞ্চত অনুষ্ঠিত হোৱা বিহু উৎসৱ চাই পুৱতি নিশা কিশোৰীগৰাকীৰ লগতে মাতৃ আনন তাঁতী নামৰ ব্যক্তিজনৰ ঘৰত থাকে ৷ জানিব পৰা মতে ধৰ্ষণকাৰী আনন তাঁতীৰ পৰিয়ালৰ সৈতে পূৰ্বৰে পৰা চিনাকি আছিল ধৰ্ষণৰ বলি হোৱা কিশোৰীগৰাকীৰ মাতৃৰ ৷ পুৱা কিশোৰীগৰাকী শুই থকা দেখি পলমকৈ ঘৰলৈ যাব বুলি ভাবি নিজ ঘৰলৈ গুচি যায় কিশোৰীগৰাকীৰ মাতৃ ৷ কিন্তু ৰহস্যজনকভাৱে সন্ধানহীন হয় কিশোৰীগৰাকী (Rape and murder in Margherita) ৷

ইয়াৰ পাচতেই কিশোৰীগৰাকীৰ সন্ধান লাভ নকৰি মাতৃয়ে মাৰ্ঘেৰিটা আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ৷ কিন্তু বুধবাৰে নিশা পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহ ৷ পৰৱৰ্তী পৰ্যায়ত আনন তাঁতীৰ পত্নীক জেৰা কৰাত তেওঁৰ স্বামীয়ে কিশোৰীগৰাকীক হত্যা কৰা বুলি স্বীকাৰ কৰে ৷ এই ঘটনাৰ পাচতেই মাৰ্ঘেৰিটাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ ধৰ্ষণকাৰীক কঠোৰৰ পৰা কঠোৰ শাস্তি বিহাৰ দাবীৰে ৰাইজে সাব্যস্ত কৰিছিল উত্তাল প্ৰতিবাদ ৷

ইফালে, পলাতক ধৰ্ষণকাৰী আনন তাঁতীক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছিল অভিযান ৷ অৱশেষত অৰুণাচলৰ দেউমালীৰ পৰা আৰক্ষীয়ে আনন তাঁতীক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰৰ পাচতেই আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা আনন তাঁতীক গুলীয়াই আৰক্ষীয়ে ৷

লগতে পঢ়ক: Raped and killed at Margherita : জঘন্য: কিশোৰীক ধৰ্ষণ কৰি চেপটিক টেংকত ভৰালে মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.