ETV Bharat / state

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে মাৰ্ঘেৰিটাত ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Jul 29, 2020, 8:02 PM IST

ৰাজ্যত বানপানী আৰু কৰ'ণা মহামাৰীৰ ত্ৰাস চলি থকাৰ সময়তে বুধবাৰে মাৰ্ঘেৰিটাত শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ স্থানীয় বিধায়ক তথা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ৷ সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ,ভাস্কৰ শৰ্মা মুৰ্দাবাদ শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷

Margherita ajycp protest
বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে মাৰ্ঘেৰিটাত ৰাইজৰ প্ৰতিবাদ

মাৰ্ঘেৰিটা, 29 জুলাই : ৰাজ্যত বানপানী আৰু কৰ'ণা মহামাৰীৰ ত্ৰাস চলি থকাৰ সময়তে বুধবাৰে মাৰ্ঘেৰিটাত শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ স্থানীয় বিধায়ক তথা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ৷

প্ৰতিবাদকাৰী ৰাইজৰ অভিযোগ অনুসৰি,মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বুঢ়ীদিহিং নৈৰ ব্যাপক গৰাখহনীয়া সমস্যাই বুঢ়ীদিহিং নৈ পৰীয়া অঞ্চলক দীৰ্ঘদিনৰ পৰা ভাৰাক্ৰান্ত কৰি আহিছে ৷ যাৰ বাবে ৰাইজৰ জ্বলন্ত সমস্যা হিচাপে পৰিগণিত হোৱা ইনথেম গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডৰ লংগাও গৰাখহনীয়াস্থলীত বিভিন্ন দল সংগঠনে এই প্ৰতিবাদ সাব্যস্ত কৰে । ৰাইজৰ অভিযোগ অনুসৰি,বিজেপিৰ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা তথা বিভাগীয় কৰ্তৃপক্ষক আবেদন-নিবেদন জনাই আহিছে যদিও আজি পৰ্যন্ত কোনো বিহীত ব্যৱস্থা লোৱা নাই ৷ আনকি, উক্ত অঞ্চল এবাৰো পৰিদৰ্শন নকৰাৰ অভিযোগ বিধায়কৰ বিৰুদ্ধে ৷

শেষত উপায়ন্তৰ হৈ অঞ্চলবাসী ৰাইজে গৰাখহনীয়া সমস্যাই এক স্পৰ্ককাতৰ বিষয় হিচাপে পৰিগণিত হোৱা বুঢ়ীদিহিং গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আছু, আছাসহ কেইবাটা জাতীয় দল-সংগঠনৰ লগতে লংগাও,উলুপ গাঁৱৰ ৰাইজে অসম চৰকাৰৰ হায় হায়,সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ,ভাস্কৰ শৰ্মা মুৰ্দাবাদ শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে ৷ অনতিপলমে গৰাখহনীয়া সমস্যা সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে অন্যথা জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক : ডিফুত ভূমিস্খলনত সৰ্বহাৰা বিধবা মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.