ETV Bharat / state

Magisterial inquiry order: আদিত্য নাৰ্ছিং হোমত গৰ্ভৱতীৰ মৃত্যু সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ - Tense situation in Nursing Home

তিনিচুকীয়াৰ আদিত্য নাৰ্ছিং হোমত এগৰাকী গৰ্ভৱতীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছে জিলাখন ৷ ইয়াম মাজতে ঘটনাৰ সন্দৰ্ভত জিলা আয়ুক্ত স্বপ্নীল পালে এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ ঘোষণা কৰে । ১০ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ সময়সীমা নিৰ্ধাৰণ ৷

Magisterial inquiry ordered
আদিত্য নাৰ্ছিংহোমত গৰ্ভৱতী মহিলাৰ মৃত্যু
author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 9:44 AM IST

আদিত্য নাৰ্ছিংহোমত গৰ্ভৱতী মহিলাৰ মৃত্যু

তিনিচুকীয়া, ১ ছেপ্তেম্বৰ : তিনিচুকীয়াৰ আদিত্য নাৰ্ছিং হোমত মঙলবাৰে এগৰাকী গৰ্ভৱতী মহিলাৰ মৃত্যু হয় ৷ মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে চিকিৎসকৰ গাফিলতিৰ ফলত মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰে ৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে ৷

ইফালে উক্ত ঘটনাৰ সন্দৰ্ভত বৃহস্পতিবাৰে তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নীল পালে এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ ঘোষণা কৰে । তিনিচুকীয়া নখৰাই গাঁৱৰ মিতালী দাস নামৰ এগৰাকী মহিলাৰ অস্ত্ৰোপচাৰৰ পাচত চিকিৎসকৰ গাফিলতি ফলতেই মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰি পৰিয়ালৰ তৰফৰ পৰা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি তুলিছিল নাৰ্ছিং হোমৰ চৌহদত ৷ যি ঘটনাৰ পাচতে উত্তপ্ত হৈ পৰিছিল তিনিচুকীয়া ৷ আনকি তিনিচুকীয়াবাসীও শংকিত হৈ পৰিছিল ৷

Pathetic condition of Health Department
তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নীল পালে এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

জিলা আয়ুক্তগৰাকীয়ে সমগ্ৰ বিষয়টো চালিজাৰি চোৱাৰ পাচতেই তিনিচুকীয়াৰ ৰাজহ চক্ৰৰ সহকাৰী ৰাজহ চক্ৰ বিষয়া ডিম্পি ভট্টাচাৰ্যক জিলা আয়ুক্তই সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে ৷ লগতে ১০ দিনৰ ভিতৰত সমগ্ৰ ঘটনাৰ প্ৰতিবেদন দাখিল কৰিবলৈ সময়সীমা নিৰ্ধাৰণ কৰি দিয়ে ৷ ১০ দিনৰ পাচত পোহৰলৈ আহিব প্ৰকৃত মিতালী দাসৰ মৃত্যুৰ কাৰণ ৷

উল্লেখযোগ্য যে, তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত কৰ্মৰত চিকিৎসকসকলে দীৰ্ঘদিনৰ পৰা ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি অহাৰ লগতে নিজাভাৱে চেম্বাৰ খুলি চিকিৎসা সেৱা প্ৰদান কৰি আহিছে ৷ যাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত সময় ক’ম দিয়াৰ লগতে পৰ্যাপ্ত চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ গতিকে সমগ্ৰ বিষয়সমূহৰ উপৰতো উচিত তদন্ত কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে একাংশ ভুক্তভোগীয়ে ৷

লগতে পঢ়ক : Tense situation in Nursing Home:সন্তান জন্ম দিয়েই অচিন দেশলৈ গ’লগৈ মাতৃ; কিন্তু কাৰ ভুলৰ বাবে?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.