ETV Bharat / state

5 মিনিটতে 14 টা ভাষাত কবিতা আবৃত্তি কৰিব পৰা এজন ছাত্ৰ - কাকপথাৰ

তিনিচুকীয়াৰ কাকপথাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ প্ৰাংশু চেতিয়াৰ নাম অন্তৰ্ভুক্ত হৈছে অসম বুক অৱ ৰেকৰ্ডছত ৷ মাত্ৰ 5 মিনিটতে 14 টা ভাষাত কবিতা আবৃত্তি কৰি এই ৰেকৰ্ড গঢ়িছে 8 বছৰীয়া ছাত্ৰজনে ৷

Kakopathar brilliant student
কাকপথাৰৰ প্ৰতিভাৱান ছাত্ৰ
author img

By

Published : Nov 21, 2020, 12:08 PM IST

শদিয়া,21 নৱেম্বৰ : লক ডাউনৰ সময়ছোৱাত তিনিচুকীয়াৰ কাকপথাৰৰ তৃতীয় শ্ৰেণীত অধ্যয়নৰত এজন ছাত্ৰই নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে অসম বুক অৱ ৰেকৰ্ডছত ৷ মাত্ৰ 5 মিনিটতে 14 টা ভাষাত কবিতা আবৃত্তি কৰিব পাৰে প্ৰাংশু চেতিয়া নামৰ ছাত্ৰজনে ৷

কাকপথাৰ নিৱাসী প্ৰাঞ্জল চেতিয়া আৰু জিন্তি মোহন চেতিয়াৰ পুত্ৰ প্ৰাংশু ৷ কাকপথাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ প্ৰাংশুয়ে এই প্ৰতিভাৰে বিভিন্নজনৰ মন জয় কৰিবলৈ সক্ষম হৈছে ৷ প্ৰাংশুৱে অতি কম সময়ৰ ভিতৰতে যিকোনো ভাষা আয়ত্ব কৰি কবিতা আবৃত্তি কৰিব পাৰে ৷ বৰ্তমান প্ৰাংশুৱে 14 টা ভাষাত সুন্দৰকৈ আৰু স্পষ্টভাৱে কবিতা আবৃত্তি কৰিব পাৰে ৷ এটা ভাষা আয়ত্ত কৰিবলৈ প্ৰাংশুৰ সময় লাগে মাত্ৰ 5 মিনিট ৷

কাকপথাৰৰ প্ৰতিভাৱান ছাত্ৰ

প্ৰাংশুৱে এই প্ৰতিভাৰ জৰিয়তে ইতিমধ্য়ে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা বহুতো পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷ শেহতীয়াকৈ অসম বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে 8 বছৰীয়া ছাত্ৰজনে ৷ প্ৰাংশুৰ সাফল্যই গৌৰৱ কঢ়িয়াই আনিছে বৃহত্তৰ কাকপথাৰলৈ ৷

লগতে পঢ়ক : যোৰহাটত বিধংসী অগ্নিকাণ্ডত ভস্মীভূত বহুকেইটা বাসগৃহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.