ETV Bharat / state

তিনিচুকীয়াৰ জাগুনত দুটি শিশুৰ মৃতদেহ উদ্ধাৰ

অৱশেষত উদ্ধাৰ হ'ল দেওবাৰৰ পৰা নিৰুদ্দিষ্ট হৈ থকা তিনিচুকীয়াৰ জাগুনৰ দুটি শিশু। খাৰাংকং গাঁৱৰ এটা পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় শিশু দুটিৰ মৃতদেহ।

তিনিচুকীয়াৰ জাগুনত দুটি শিশুৰ মৃতদেহ উদ্ধাৰ
তিনিচুকীয়াৰ জাগুনত দুটি শিশুৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : Oct 19, 2020, 1:14 PM IST

জাগুন, ১৯ অক্টোবৰ: তিনিচুকীয়াৰ জাগুনত উদ্ধাৰ সন্ধানহীন হৈ থকা দুটি শিশু। দেওবাৰে দুপৰীয়া ঘৰৰ কাষতে খেলি থকা স্থানৰ পৰা বিয়লি প্ৰায় ২ বজাৰ পৰা খাৰাংকং গাঁৱৰ কপিল শইকীয়া আৰু বিতোপন সন্দিকৈ নিৰুদ্দেশ হৈছিল। সোমবাৰে পুৱা তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত খাৰাংকং গাঁৱৰ এটা পুখুৰীত উপঙি থকাৰ অৱস্থাত শিশু দুটিৰ মৃতদেহ উদ্ধাৰ হয়। পৰিয়ালৰ লোকে দেওবাৰে আবেলিৰ পৰা নিশালৈকে অঞ্চলটোত বিচাৰি চলাথ কৰে যদিও শিশু দুটিৰ সন্ধান উলিয়াব নোৱাৰিলে।

অৱশেষত আজি পুৱা ৪.৩০বজাত একে গাঁৱৰে নিবাসী গোলাপ গগৈ নামৰ লোকজনৰ বাৰীৰ পুখুৰীত শিশু দুটি উপঙি থকা অৱস্থাত উদ্ধাৰ হয়। খিৰোদ লিকচন নামৰ এজন লোকে শিশু দুটি প্ৰথমে প্ৰত্যক্ষ কৰে। ৭বছৰীয়া কপিল শইকীয়া খাৰাংকং গাঁৱৰ নিবাসী দেৱজিত শইকীয়াৰ পুত্ৰ আৰু ৮বছৰীয়া বিতোপন সন্দিকৈ ওৰফে বিপ্লৱ কৃষ্ণ কান্ত সন্দিকৈৰ পুত্ৰ। শিশু দুটিৰ মৃতদেহ ইতিমধ্যে লেখাপানী আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
লগতে পঢ়ক:মিজোৰাম সীমান্তৰ পৰিস্থিতি প্ৰধানমন্ত্ৰী তথা গৃহ মন্ত্ৰণালয়ক জনালে সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.