ETV Bharat / state

May Day 2023 : তিনিচুকীয়াত আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন

author img

By

Published : May 2, 2023, 11:02 AM IST

তিনিচুকীয়াৰ বিষ্ণু জ্যোতি সংগীত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন (Bishnu Jyoti Music College Tinsukia)। মে’ দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হয় আলোচনা চক্ৰও ।

International Labour Day at Tinsukia
আন্তৰ্জাতিক শ্ৰমিক দিৱস
আন্তৰ্জাতিক শ্ৰমিক দিৱস

তিনিচুকীয়া, ১ মে’ : সকলো শ্ৰমিকৰ অধিকাৰ আৰু প্ৰাপ্যৰ দাবীত প্ৰতি বছৰে ১ মে'ত বিশ্বৰ সকলো প্ৰান্ততে আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন কৰা হয় (International Labour Day in Tinsukia) ৷ সমগ্ৰ বিশ্বৰ শোষিত-বঞ্চিত শ্ৰমিকৰ বাবে এয়া হৈছে স্ব-অধিকাৰ সাৱ্যস্ত কৰাৰ দিন । শ্ৰমৰ বিনিময়ত শ্ৰমিকসকলে পাবলগীয়া তেওঁলোকৰ পাপ্য অধিকাৰৰ হকে যুঁজি যাবলৈ পণ লোৱাৰ দিন ।

সমগ্ৰ বিশ্বৰ লগতে সোমবাৰে তিনিচুকীয়াৰ বিষ্ণু জ্যোতি সংগীত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অল ইণ্ডিয়া চেণ্ট্ৰেল কাউন্সিল অফ ট্ৰেড ইউনিয়ন (All India Central council of Trade Union), অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছ (All India trade Union Congress), চেণ্টাৰ অফ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন (Center of Indian Trade Union), চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, সদৌ অসম গাড়ী চালক সন্থাৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰে আন্তৰ্জাতিক শ্ৰমিক দিৱস উদযাপন কৰা হয় । উক্ত কাৰ্যসূচীত পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ লগতে কেবাশতাধিক শ্ৰমিক সংগঠনৰ সদস্যই এক শোভাযাত্ৰা উলিওৱাই তিনিচুকীয়া চহৰ পৰিভ্ৰমণ কৰে (Cultural procession in May Day) ।

উক্ত অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰা শ্ৰমিক সংগঠনৰ নেতাসকলে শ্ৰমিকৰ অধিকাৰৰ হকে যুঁজি যাবলৈ আৰু শ্ৰমিক ওপৰত হৈ থকা বঞ্চনা বিৰুদ্ধে একত্ৰিত হৈ সংঘবদ্ধ বাবে সংগ্ৰাম কৰিবলৈ সকলোকে আহ্বান জনায় । এই আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ অনুষ্ঠানত গণতন্ত্ৰ বচাওক, শ্ৰমিক বচাওক, দেশ বচাওক, ২০২৪ চনত সাধাৰণ নিৰ্বাচনত মোডী নেতৃত্বাধীন বিজেপি চৰকাৰক পৰাস্ত কৰক আদি মূখ্য বিষয়বস্তু হিচাপে এক গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হয় (Seminar on International Labour Day) । অনুষ্ঠানত উপস্থিত সকলো শ্ৰমিককে ধৰ্ম বৰ্ণ নিৰ্বিশেষে একত্ৰিত হৈ শোষণৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'বলৈ সংকল্প গ্ৰহণ কৰে ।

উল্লেখ্য় যে, ১৮৮৬ চনত আমেৰিকা চিকাগো চহৰত শ্ৰমিকৰ যি মালিক পক্ষৰ বিৰুদ্ধে আৰু নিজৰ পাপ্যৰ দাবীত আন্দোলন কৰিছিল সেই আন্দোলনত মালিক পক্ষই ৬ জন শ্ৰমিকক হত্যা কৰিছিল । তদুপৰি এই ঘটনাত ৫০ জনৰো অধিক শ্ৰমিকক আহত কৰিছিল । তেতিয়াৰে পৰাই এই দিৱসৰ পালন কৰি অহা হৈছে ।

লগতে পঢ়ক : Burha Dangoria Than : বুঢ়া ডাঙৰীয়া থানত আয়োজন কৰা পালনামত সহস্ৰাধিক ভক্তৰ সমাগম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.