ETV Bharat / state

Truck Driver Protest in Tinsukia: তিনিচুকীয়াত অনিৰ্দিষ্টকাললৈ ট্ৰাক চলাচল বন্ধ কাৰ্যসূচী

তিনিচুকীয়াত ট্ৰাক চালকে অনিৰ্দিষ্টকালীন ট্ৰাক চলাচল বন্ধ কাৰ্যসূচী ৷ আৰ পি এফে ট্ৰাক চালকক প্ৰহাৰৰ পাছতে এই সিদ্ধান্ত ট্ৰাক চালকৰ ৷

author img

By

Published : Aug 20, 2023, 10:51 PM IST

Truck Driver Protest in Tinsukia
তিনিচুকীয়াত অনিৰ্দিষ্টকালীন ট্ৰাক চলাচল বন্ধ কাৰ্যসূচী

তিনিচুকীয়া,20 আগষ্ট: তিনিচুকীয়াত ট্ৰাক চালকে অনিৰ্দিষ্টকালীন ট্ৰাক চলাচল বন্ধ কাৰ্যসূচী ঘোষণা কৰিছে ৷ আৰ পি এফয়ে ট্ৰাক চালকক প্ৰহাৰ কৰাৰ বিৰুদ্ধে দেওবাৰে তামোলবাৰীস্থিত ট্ৰাক ষ্টেচনত ট্ৰাক চালকসকলে অনিৰ্দিষ্টকালীন ট্ৰাক চলাচল বন্ধ কাৰ্যসূচী ঘোষণা কৰে ।

জানিব পৰা মতে 18 আগষ্টত চাৰিগৰাকীকৈ ট্ৰাক চালকক আৰ পি এফে প্ৰহাৰ কৰিছিল ৷ উক্ত দিনা নিশা 10 বজাত নিউ তিনিচুকীয়া ৰে’ল ষ্টেচনৰ গুডচ্‌ ইয়াৰ্ডত সামান্য কথাতে আৰ পি এফয়ে চাৰি ট্ৰাক চালকক ধৰি নি ৰে’ল ষ্টেচনৰ আৰ পি এফৰ কাৰ্যালয়ত প্ৰহাৰ কৰে ৷

এই ঘটনাৰ পাছতে দেওবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ ট্ৰাক চলাচল নকৰাৰ সিদ্ধান্ত ট্ৰাকচালকসকলে ৷ ইতিমধ্যে উক্ত ঘটনাৰ সন্দৰ্ভত চালকসকলে অসম মটৰ্চ ৱৰ্কাছ ইউনিয়নক লিখিত ৰূপত অৱগত কৰিছে ৷ আনহাতে সোমবাৰে সংগঠনৰ তৰফৰ পৰা ৰে’লৱে বিভাগলৈ উচিত তদন্ত বিচাৰি পত্ৰ প্ৰেৰণ কৰিব বুলি সদৰী কৰে ইউনিয়নৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷

ইফালে দুদিনৰ পাছতে ঘটনা পোহৰলৈ অহাত ট্ৰাক মালিক, ট্ৰাক চালকসকলে ঘটনাৰ উচিত তদন্ত বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ ভুক্তভোগী ট্ৰাক চালকৰ অভিযোগ ,’’ আমি একো কাৰণ বুজি নাপালো , কিয় আমাক মাৰিলে ৷ মোৰ ট্ৰাকখনত সামগ্ৰী ভৰ্তি কৰাৰ সময়ত অলপ সময়ৰ বাবে খেলিমেলি হৈছিল ৷ তেতিয়া আৰ পি এফৰ লোক আহি প্ৰথমে তৰ্কত লিপ্ত হয় ৷ পৰৱৰ্তী সময়ত আৰ ফি এফৰ উচ্চ পদস্তত বিষয়া আহি আমাৰ চাৰজনক লৈ যায় ৷ তাৰ পাচতে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে আমাক ৷ যদি আৰ ফি এফে লিখিত ভাবে ক্ষমা নিবিচাৰিলে ট্ৰাক চলা বন্ধ হৈ থাকিব ৷’’

লগতে পঢ়ক: Man-Elephant Love Story: নাচিব জনা, লোকগীত বুজি পোৱা এটা পাঁচবছৰীয়া হাতী পোৱালী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.