শদিয়া,29অক্টোবৰঃ তিনিচুকীয়াৰ বৰডুমচা থানাৰ অন্তৰ্গত কৈলাশপুৰৰ ৰাতুল চাংমাই নামৰ লোকজনে বিবাহ পাশত আবদ্ধ হোৱাৰে পৰা পত্নীক যৌতুক বিচাৰি অত্যাচাৰ কৰি আহিছিল ৷ বিগত কেইবাদিনৰো পৰা ৰাতুল চাংমাইয়ে এখন মটৰ চাইকেল আৰু দহ হেজাৰ টকা বিচাৰি পত্নীক হাৰাশাস্তি কৰিছিল ৷ ইপিনে পত্নীয়ে টকাসহ মটৰ চাইকেল আনিবলৈ সক্ষম নোহোৱাত সোমবাৰে নিশা প্ৰায় দহ বজাত নিজ গৃহটোকে জ্বলাই দিয়ে লোকজনে ৷ ইফালে ঘৰটোত অগ্নিসংযোগ কৰি পলায়ন কৰাৰ পাচত ওচৰ চুবুৰীয়াই কোনোমতে ঘৰৰ কেইপদমান সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও বেছিসংখ্যক সামগ্ৰী জুইত পুৰি ছাই হয় ৷
পত্নীৰ অভিযোগ অনুসৰি অভিযুক্ত ৰাতুল চাংমাইয়ে বিয়াৰ পিছৰে পৰা যৌতুক বিচাৰি পত্নীক অত্যাচাৰ কৰি আহিছিল ৷ ইতিমধ্যে স্থানীয় আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি অভিযুক্তৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷