ETV Bharat / state

ডুমাডুমাত স্বাস্থ্যকৰ্মীয়ে এম্বুলেঞ্চত নিনিলে কৰ'ণা ৰোগী - Dumduma Covid

ডুমডুমা চহৰৰ বিবেকানন্দ পথৰ মনোৰঞ্জন সূৰ ফলতত্ৰধৰ নামৰ 60 বছৰীয়া লোকজন ক'ভিড আক্ৰান্ত হোৱা লোকজনৰ অৱস্থা অতি সংকটজনক হোৱাত জীয়ৰীয়ে ফোন যোগে ১০৮ এম্বুলেঞ্চ মাতি পঠিয়ায় ৷ কিন্তু পিপিই কিট পৰিধান কৰি অহা স্বাস্থ্যকৰ্মী কেইগৰাকীয়ে লোকজনক স্থানীয় ৰাইজক দাঙি আনিবলৈ কোৱাত হতভম্ব হৈ পৰে স্থানীয় লোকসকল ৷

ডুমাডুমাত স্বাস্থ্যকৰ্মীয়ে এম্বুলেঞ্চত নিনিলে কৰ'ণা ৰোগী

author img

By

Published : May 11, 2021, 12:21 PM IST

ডুমডুমা, 11 মে': এফালে ৰাজ্যত মহামাৰীৰ সংহাৰ আনফালে ঠায়ে ঠায়ে স্বাস্থ্য বিভাগৰ হেমাহি ৷ চৌদিশে কাল কৰ'ণাই সৰ্বসাধাৰণ ৰাইজক ভাৰাক্ৰান্ত কৰি তোলাৰ সময়তে চিকিৎসা বিভাগৰ আজৱ কাণ্ডই শংকিত কৰি তুলিছে ডুমডুমাবাসীক ৷

ঘটনা অনুসৰি, হোম আইচ'লেচনত থকা ডুমডুমা চহৰৰ বিবেকানন্দ পথৰ মনোৰঞ্জন সুত্ৰধৰ নামৰ 60 বছৰীয়া লোকজনৰ অৱস্থা অতি সংকটজনক হোৱাত জীয়ৰীয়ে ফোন যোগে ১০৮ এম্বুলেঞ্চ মাতি পঠিয়াই ৷ কিন্তু তেতিয়াই ঘটিল আজৱ কাণ্ড ৷ এম্বুলেঞ্চখনত পিপিই কিট পৰিধান কৰি স্বাস্থ্যকৰ্মী আহিল ঠিকেই কিন্তু তেওঁলোকে লোকজনক নিবলৈ অমান্তি হয় ৷ স্থানীয় লোকৰ পৰা লোকজনৰ স্বাস্থ্যৰ বুুজ লৈ উভতি যায় ৷

ডুমাডুমাত স্বাস্থ্যকৰ্মীয়ে এম্বুলেঞ্চত নিনিলে কৰ'ণা ৰোগী

উল্লেখ্য যে, পুনৰ স্বাস্থ্যকৰ্মী কেইগৰাকীয়ে লোকজনৰ ঘৰলৈ উভতি আহে যদিও স্থানীয় ৰাইজক লোকজনক দাঙি আনিবলৈ কোৱাত হতভম্ব হৈ পৰে স্থানীয় লোক ৷ ক'ভিড আক্ৰান্ত লোকজনক স্থানীয় লোকক কঢ়িয়াই আনিবলৈ কোৱা আৰু এম্বুলেঞ্চত আঁতৰাই লৈ নোযোৱাকলৈ অঞ্চলটোত সংশয়ৰ সৃষ্টি হৈছে ।

ইফালে, ডুমডুমা এফ আৰ ইউ চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মীয়েও ৰোগীজনক কোনোধৰণৰ সহযোগিতা নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এই ঘটনাৰ পাচতে এম্বুলেঞ্চখনৰ স্বাস্থ্য কৰ্মীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক:বৰপেটাৰ সাংবাদিক জুলফিকাৰ আলী আহমেদৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.