ETV Bharat / state

বাঘজানত আৰক্ষীৰ অভিযানত জব্দ হস্তনিৰ্মিত বন্দুক

author img

By

Published : Jun 4, 2021, 10:51 PM IST

বাঘজান আৰক্ষীয়ে এক অভিযান চলাই বাঘজান গাঁৱৰ সুমিত্ৰ মৰাণ নামৰ এজন লোকৰ ঘৰৰ পৰা হস্তনিৰ্মিত বন্দুকৰ লগতে ভালে সংখ্যক আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে ৷ এইক্ষেত্ৰত বাঘজান আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে ৷

handmade arms and ammunation rescue in baghjan
হস্তনিৰ্মিত বন্দুকৰ জব্দ বাঘজান আৰক্ষীৰ

তিনিচুকীয়া, 4 জুন : তিনিচুকীয়াৰ বাঘজানত হস্তনিৰ্মিত বন্দুকৰ লগতে ভালে সংখ্যক আপত্তিজনক সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাক লৈ তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে ৷ জানিব পৰা মতে বাঘজান আৰক্ষীয়ে বাঘজান গাঁৱৰ সুমিত্ৰ মৰাণ নামৰ এজন লোকৰ ঘৰত চলাইছিল এক অভিযান ।

উক্ত অভিযানত সুমিত্ৰ মৰাণক আটক কৰিবলৈ সক্ষম নহ’ল যদিও এটা হস্তনিৰ্মিত বন্দুক, ফটকাৰ লগতে ভালেসংখ্যক সন্দেহযুক্ত সামগ্ৰী উদ্ধাৰ কৰে । উল্লেখ্য যে, যোৱা কিছুদিনৰ পৰাই বাঘজানত ডকাইতি, ধনদাবী আদি ঘটনা সংঘটিত হোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে । এইক্ষেত্ৰত বাঘজান আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: বকোৰ ৰাজাপাৰাত ঘাইপথৰ সমীপতে বন ধ্বংস যজ্ঞ : নিৰ্বিকাৰ বন বিভাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.